/asomiyapratidin/media/media_files/2025/09/28/442-2025-09-28-19-46-33.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বাবে অসম ক্ৰিকেট সন্থাই দেৱজিৎ শইকীয়াক উষ্ম ওলগ আৰু অভিনন্দন জনাইছে । ভাৰতীয় ক্ৰিকেট প্ৰশাসনৰ উচ্চতম স্তৰত অঞ্চলটোৰ ক্ৰমবৰ্ধমান প্ৰতিনিধিত্বক পুনৰ দৃঢ় কৰি তোলা এই সন্মানীয় নিযুক্তিয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক অপৰিসীম গৌৰৱৰ মুহূৰ্ত হিচাপে থিয় দিছে ।
এই সন্মানীয় পদবীলৈ তেওঁক পুনৰবাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰি বিচিচিআইৰ সদস্য ব’ৰ্ডসমূহে তেওঁৰ ওপৰত থকা অটল আস্থা আৰু বিশ্বাসৰেই যেন প্ৰতিফলন ঘটালে । এগৰাকী বিশিষ্ট ক্ৰিকেট প্ৰশাসক শইকীয়াই অসমৰ ক্ৰিকেট পৰিৱেশ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । ৰাষ্ট্ৰীয় পৰ্যায়ত এই সন্মানীয় আসনলৈ ঘূৰি অহাটোত কেৱল তেওঁৰ ব্যক্তিগত উৎকৰ্ষতাই নহয়, দেশৰ এই অংশৰ পৰা ক্ৰিকেট-আকাংক্ষাৰ উত্থানকো প্ৰতিফলিত কৰিছে বুলি অসম ক্ৰিকেট সন্থাই উল্লেখ কৰে।
উল্লেখযোগ্য যে, অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিব কোঁৱৰ, উপ-সভাপতি ৰাজদীপ ওজা আৰু যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিঙৰ নেতৃত্বত দেওবাৰে মুম্বাইস্থিত বি চি চি আইৰ মুখ্য কাৰ্যালয়ত শ্ৰীদেৱজিৎ শইকীয়াক সাক্ষাৎ কৰি সন্থাৰহৈ তেওঁক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় ।
অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে কয়- "অসম আৰু উত্তৰ-পূব ভাৰতৰ বাবে এয়া এক গৌৰৱ আৰু ঐতিহাসিক মুহূৰ্ত । "বিচিচিআইৰ সম্পাদক হিচাপে শ্ৰীদেৱজিৎ শইকীয়া নিৰ্বাচিত হোৱাটো আমাৰ অঞ্চলৰ বাবে এক অতি তাৎপৰ্যপূৰ্ণ মুহূৰ্ত । তেওঁৰ এই যাত্ৰাত বহুদিনীয়া কঠোৰ পৰিশ্ৰম,সততা আৰু খেলৰ প্ৰতি নিষ্ঠাই প্ৰতিফলিত হয় । তেওঁ অসম ক্ৰিকেটৰ বাবে এক পথ প্ৰদৰ্শক শক্তি হিচাপে পৰিগণিত হৈছে আৰু আমি নিশ্চিত যে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ উপস্থিতিয়ে পুনৰবাৰ ভাৰতীয় ক্ৰিকেটলৈ ইতিবাচক আৰু প্ৰগতিশীল দৃষ্টিভংগী কঢ়িয়াই আনিব । এচিএ তথা অসমৰ সমূহ ক্ৰিকেটসমাজৰ হৈ তেখেতক মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।”
এচিএৰ সম্পাদক ত্ৰিদিব কোঁৱৰে লগতে কয়,- "ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ নিজৰে এজনক পুনৰবাৰ আগবাঢ়ি যোৱা দেখি আমি সন্মানিত হৈছো । তেওঁৰ সাফল্যই অসমৰ ক্ৰিকেট সমাজৰ যি সম্ভাৱনা আৰু সামৰ্থ বিদ্যমান,তাৰেই প্ৰতিফলন ঘটায়। আমি অন্তৰৰ গভীৰতম কোণৰপৰা আন্তৰিক অভিনন্দন আৰু অকুন্ঠ সমৰ্থন আগবঢ়াইছো । "
"শইকীয়াৰ প্ৰশাসনিক যাত্ৰাত স্পষ্ট হয় খেলা-ধূলাৰ প্ৰতি থকা তেওঁৰ গভীৰ সম্পৰ্ক আৰু দায়বদ্ধতাৰ দিশটোও । ২০১৬ চনৰ পৰা ২০১৯ চনলৈ তেওঁ এচিএৰ উপ-সভাপতি হিচাপে আৰু ২০১৯ চনৰ পৰা ২০২২ চনলৈ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁৰ কাৰ্যকালত অসমৰ ক্ৰিকেট কৌশলগত অগ্ৰগতিৰ সাক্ষী হৈছিল,— বিশেষকৈ তৃণমূল পৰ্যায়ত । আন্তঃগাঁথনি গঢ়ি তোলা, যুৱ প্ৰতিভাৰ বিকাশ আৰু পেছাদাৰী ক্ৰীড়া পৰিৱেশৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টাই এক স্থায়ী ভেটি গঢ়ি তুলিছিল, যিয়ে ৰাজ্যখনৰ খেলৰ ভৱিষ্যতত নতুন গতি প্ৰদান কৰিছিল ।
বিচিচিআইৰ সম্পাদক হিচাপে পুনৰবাৰ তেওঁ উভতি অহাটো অসমৰ ক্ৰিকেট যাত্ৰাত এক ঐতিহাসিক অধ্যায় হিচাপে চিহ্নিত হৈছে । তেওঁৰ এই গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাই ইয়াৰ এপেক্স কাউন্সিলৰ সদস্য আৰু সমগ্ৰ ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেট সম্প্ৰদায়ৰ সৈতে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে । তেওঁৰ উদ্যমী আৰু দূৰদৰ্শী নেতৃত্বত ভাৰতীয় ক্ৰিকেটৰ অগ্ৰগতি প্ৰত্যক্ষ কৰিবলৈ আমি আটাইয়ে আগ্ৰহেৰে অপেক্ষা কৰি ৰৈছো ।" - অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে ।