বটদ্ৰৱা থানৰ নিয়মীয়া ভকত ৰবিন কলিতাৰ বিয়োগ

বটদ্ৰৱা নৰোৱা সত্র নিৱাসী তথা বটদ্ৰৱা থানৰ নিয়মীয়া ভকত ৰবিন কলিতাৰ মঙলবাৰে পুৱা বিয়োগ ঘটে।

author-image
Asomiya Pratidin
New Update
378

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা নৰোৱা সত্র নিৱাসী তথা বটদ্ৰৱা থানৰ নিয়মীয়া ভকত ৰবিন কলিতাৰ মঙলবাৰে পুৱা বিয়োগ ঘটে। ৬৮ বছৰীয়া কলিতা যোৱা নিশা হঠাৎ শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ পৰিছিল। লগে লগে পৰিয়ালৰ লোকৰ তৎপৰতাত চিকিৎসা কৰাত সুস্থ হৈ নিশাৰ আহাৰ গ্ৰহণ কৰি শুই পৰিছিল।

কিন্ত দুৰ্ভাগ্যজনকভাৱে আজি পুৱা(আন দিনাৰ দৰে) প্ৰাতঃভ্ৰমণলৈ ওলাই যাওঁতেই নিজ পদূলিতে ঢলি পৰি মৃত্যুমুখত পৰে। বটদ্ৰৱা থানৰ কীৰ্তনঘৰ, পদশিলাৰ দেউৰী ৰবিন কলিতাই কৃষিকৰ্মৰ লগতে আজীৱন গুৰুসেৱাত ব্ৰতী হৈ সহজ-সৰল জীৱন যাপন কৰিছিল।

সৰল মনৰ, সৰবৰহী ভকতগৰাকীৰ বিয়োগত বিধায়ক ৰূপক শৰ্মা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, সাধাৰণ সম্পাদক লাচিত বৰদলৈ, বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৄ সকলে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত ৰবিন কলিতাই পত্নী, পুত্ৰ তপন কলিতা, নাৰায়ণ কলিতা, দুগৰাকী জীয়ৰী, জোৱাই, নাতি নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

বটদ্ৰৱা