New Update
/asomiyapratidin/media/media_files/2026/02/26/ftgtuyj-2026-02-26-22-50-54.jpg)
- কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
- কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কেবিনেট বৈঠকত
- লোক নিৰ্মাণ বিভাগত ৫৭গৰাকী কনিষ্ঠ অভিযন্তাই চাকৰি কৰি আছে
- APSCত উত্তীৰ্ণ নহ’ল এই কনিষ্ঠ অভিযন্তাসকল
- ৰেগুলেচন 3Fত তেওঁলোকক চাকৰিত ৰখাৰ সিদ্ধান্ত
- মিছন বসুন্ধৰাৰ অধীনত ৩২৬ গৰাকী হিতাধিকাৰীক ভূমিপট্টা প্রদান
- সতি সাধনী বিশ্ববিদ্যালয়ৰ সমীপত এটা ছাত্র আৰু ছাত্রীৰ বাবে আৱাস নিৰ্মাণ কৰা হ’ব
- ইয়াৰ বাবে গোলাঘাটৰ চুতীয়া ছাত্র সন্থাক ৮বিঘা ভূমি আৱণ্টন
- বৰাক উপত্যকাৰ শ্রীভূমিত পাথাৰকান্দি সমষ্টিত হ’ব কৃষি মহাবিদ্যালয়
- ১২২কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হ’ব এই মহাবিদ্যালয়
- বৰাক উপত্যকাৰ এইখন প্রথমখন কৃষি মহাবিদ্যালয়
- গুৱাহাটীৰ ধাৰাপুৰত জাহাজ নিৰ্মাণ, কণ্টেইনাৰ নিৰ্মাণৰ বাবে এটা উদ্যোগক মঞ্জুৰি
- ৪৭৫কোটি টকা ব্যয়েৰে ভাৰত AtoZ প্রাইভেট লিমিটেডে নিৰ্মাণ কৰিব
- শিলচৰত পল’ টাৱাৰ হোটেলক পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে অনুমতি
- ১০৩ কোটি টকা ব্যয়েৰে শিলচৰত হ’ব প্রথমখন পঞ্চতাৰকা হোটেল
- লোক নিৰ্মাণ বিভাগক ২৪১টা পথ নিৰ্মাণৰ বাবে ৫১৯কোটি টকা অনুমোদন
- P&RD আৰু ASRLMৰ কৰ্মচাৰীসকলৰ কাৰ্যকাল ৬০বছৰলৈ বৃদ্ধি
- যিসকল কৰ্মচাৰীৰ বয়স ৪৫ৰ ওপৰত তেওঁলোকৰ ক্ষেত্রত প্রযোজ্য হ’ব এই নীতি
- ৪৫ বছৰ অতিক্রম কৰিলে আন কৰ্মচাৰীসকলৰ ক্ষেত্রতো এই নীতি প্রযোজ্য হ’ব
- ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা ৩৩,৬৫৬গৰাকী আশা কৰ্মীলৈ স্কুটী
- লগতে ২,৫৭০গৰাকী আশা ছুপাৰ ভাইজৰলৈ স্কুটী প্রদান কৰা হ’ব
- আশাৰ কাম বাদ দিলে স্কুটী চৰকাৰক জমা দিব লাগিব
বিটিআৰ সন্দৰ্ভত কেবিনেটৰ সিদ্ধান্তঃ
- BTCৰ বিকেন্দ্রিকৰণ কৰা হ’ব
- ১০কোটি টকাৰ তলৰ কাম হ’লে পাৰিষদ সমূহে নিজে নিবিদা দিব পাৰিব
জুবিন গাৰ্গ সন্দৰ্ভত কেবিনেটৰ সিদ্ধান্তঃ
- জুবিন গাৰ্গৰ মৃত্যুৰ বাবে ফাষ্ট ট্রেক আদালতৰ সিদ্ধান্ত
- কেবিনেটত গ্রহণ কৰা হ’ল এই সিদ্ধান্ত
- পৰিয়ালে ফাষ্ট ট্রেক আদালতৰ দাবী কৰাৰ বাবে এই সিদ্ধান্ত
- গুৱাহাটী উচ্চ ন্যায়ালয়ে ফাষ্ট ট্রেক আদালতৰ বাবে দিব এগৰাকী ন্যায়াধীশ
- কেবিনেটত গ্রহণ কৰা হয় এই সিদ্ধান্ত
ৰাজীৱ শদিয়াৰ পত্নীলৈ চৰকাৰী চাকৰিঃ
- কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী নিযুক্তি
- তিনিচুকীয়া জিলাত অসম চৰকাৰৰ ৩য় বৰ্গৰ চাকৰি উপাসনা বকলিয়ালৈ
- শিল্পী গৰাকীয়ে অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই সিদ্ধান্ত
- নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই নিযুক্তি দিয়াৰ সম্ভাৱনা
চাহ শ্রমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটত
- ১ এপ্রিলৰ পৰা ৩০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত
- ব্রহ্মপুত্র উপত্যকাত ২৮০ টকালৈ বৃদ্ধি পাব মজুৰি
- বৰাক উপত্যকাত ২৫৮ টকালৈ বৃদ্ধি পাব মজুৰি
- এই বৃদ্ধি অন্তৱৰ্তীকালীন বৃদ্ধি
- পৰৱৰ্তী ছমাহত মজুৰি ৩০০ টকালৈ বৃদ্ধিৰ সম্ভাৱনা
- চাহ জনগোষ্ঠীয় ১৭টা সংগঠনৰে হোৱা মুখ্যমন্ত্রীৰ বৈঠকত এই সিদ্ধান্ত
অৰুণোদয় হিতাধিকাৰীসন্দৰ্ভত কেবিনেটৰ সিদ্ধান্তঃ
- অৰুণোদয় হিতাধিকাৰীক ৯হাজাৰ টকাকৈ এককালীনভাৱে দিয়াৰ সিদ্ধান্ত
- ৩৯.৭০ লাখ মহিলাই লাভ কৰিব এই ধন
- ১০ মাৰ্চৰ দিনৰ ১১বজাত একাউণ্টযোগে লাভ কৰিব এই ধন
- সৰ্বমুঠ ৩৬০০কোটি টকা হস্তান্তৰ কৰা হ’ব ১০ মাৰ্চত
ভৰলুমুখৰ উৰণ সেতু সন্দৰ্ভত কেবিনেটৰ সিদ্ধান্তঃ
- ৪মাৰ্চত উদ্বোধন কৰা হ’ব গুৱাহাটীৰ ভৰলুমুখৰ উৰণ সেতু
- প্রাক্তন কেন্দ্রীয় মন্ত্রী দীনেশ গোস্বামীৰ নামত হ’ব এই উৰণ সেতু
- ১১ মাৰ্চত যোৰহাট, লামডিং, লংকা, ডিফুতো উৰণ সেতু উদ্বোধন কৰা হ’ব
মিত্রতা সম্পৰ্কত মুখ্যমন্ত্রীৰ মন্তব্য
- ৰাভা যৌথ মঞ্চৰ সৈতে মিত্রতা সম্পন্ন হৈছে
- শুক্ৰবাৰে BPFৰ সৈতে মিত্রতা সম্পন্ন হ’ব
- অগপৰ সৈতে ৯-১০ মাৰ্চৰ ভিতৰত মিত্রতা সম্পন্ন হ’ব
- শীঘ্ৰে প্রাৰ্থীৰ নামো ঘোষণা কৰা হ’ব
- ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে আমি কিছু পিছুৱাই আছো
- UPPL-এ কংগ্রেছৰ সৈতে মিত্রতা নকৰে সেয়া স্পষ্ট
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us