/asomiyapratidin/media/media_files/2025/08/20/1-2025-08-20-22-09-58.jpg)
ডিজিটেল সংবাদ,গৌৰীপুৰঃ শিৱসাগৰত শ্ৰমিকক চলোৱা অত্যাচাৰৰ বিৰুদ্ধে গৌৰীপুৰত দেশী জনগোষ্ঠীয় মঞ্চ আৰু দেশী যুৱ ছাত্ৰ মঞ্চ অসমে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গৌৰীপুৰ থানাত জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ ধুবুৰী জিলা সমিতিয়ে।
অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেশী জনগোষ্ঠীৰ শ্ৰমিক সকলক ১৯ আগষ্টৰ দিনা শিৱসাগৰত অত্যাচাৰ চলোৱা হয়। সেই অত্যাচাৰৰ বিৰুদ্ধে গৌৰীপুৰৰ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা প্ৰতিমূৰ্তিৰ সন্মুখত হাতে হাতে প্লে কাৰ্ড লৈ চিতু বৰুৱাৰ বিৰুদ্ধে গৰজী উঠে দেশী সকলে।
উল্লেখ্য যে কামৰ সন্ধানত শিৱসাগৰলৈ গৈছিল দক্ষিণ শালমাৰা মানিকেৰচৰৰ যুৱকৰ এটা দল। নামনি অসমৰ গোৱালপৰীয়া দেশী ভাষাত কথা কোৱাত শ্ৰমিক সকলক বাংলাদেশী বুলি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ লগতে অমানৱীয়ভাবে দুৰ্ব্যৱহাৰ কৰে।
সেয়েহে গৌৰীপুৰত দেশী জনগোষ্ঠীয় মঞ্চই এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰি চিতু বৰুৱাৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত ল'ব লগে বুলি দাবী উত্থাপিত কৰে।