/asomiyapratidin/media/media_files/2026/01/24/uycsuydsaids-2026-01-24-20-44-53.jpg)
ডিজিটেল সংবাদ, চাপৰঃ চাপৰত দেশী জনগোষ্ঠী মঞ্চ অসম আৰু দেশী জনগোষ্ঠী যুৱ মঞ্চৰ বিলাসীপাৰা জিলা সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক ‘মিছলীয়া’ আখ্যা দি তীব্ৰ সমালোচনা কৰে। সংবাদমেলত সংগঠন দুটাই অভিযোগ তোলে যে, মুখ্যমন্ত্ৰীয়ে অসমীয়া মুছলমান ভোটাৰৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হোৱা নাই বুলি যি ভাষ্য দিছে, বাস্তৱত সেই কথা আৰু কামৰ মাজত কোনো মিল নাই।
সংগঠন দুটাৰ নেতৃত্বই প্ৰশ্ন তুলি উল্লেখ কৰে যে, দেশী জনগোষ্ঠীৰ লোকসকল অসমীয়া মুছলমান নহয় নেকি? যদি দেশী জনগোষ্ঠীৰ লোকসকল অসমীয়া মুছলমানেই হয়, তেনেহ’লে ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিত হাজাৰ হাজাৰ দেশী মুছলমান ভোটাৰৰ নামৰ বিৰুদ্ধে কিয় আপত্তি দাখিল কৰা হ’ল বুলি সংগঠন দুটাই প্ৰশ্ন উত্থাপন কৰে।
সংবাদমেলত সংগঠন দুটাই দাবী জনায় যে, উক্ত আপত্তিসমূহ অনতিপলমে নিষ্পত্তি কৰিবই লাগিব। লগতে বিলাসীপাৰা বিধানসভা সমষ্টিত এছ আৰ প্ৰক্ৰিয়াৰ জৰিয়তে দেশী মুছলমান ভোটাৰৰ নাম কৰ্তনৰ গভীৰ ষড়যন্ত্ৰ চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন কৰে।
ইফালে, সংগঠন দুটাই বিজেপিৰ এজন বিশেষ নেতাক এই ষড়যন্ত্ৰৰ সৈতে জড়িত বুলি অভিযোগ কৰি তেওঁক সকীয়নি প্ৰদান কৰে। সংবাদমেলত হুংকাৰ প্ৰদান কৰি কয় যে, যদি দেশী মুছলমানৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হয়, তেনেহ’লে উক্ত বিজেপি নেতাক দেশী অঞ্চলত নিষিদ্ধ ঘোষণা কৰা হ’ব আৰু প্ৰয়োজন হ’লে তীব্ৰ আন্দোলনৰ পথ লোৱা হ’ব। সংগঠন দুটাই দেশী জনগোষ্ঠীৰ অধিকাৰ ৰক্ষা কৰিবলৈ সকলো স্তৰত সংগ্ৰাম অব্যাহত ৰাখিব বুলি সংবাদমেলত ঘোষণা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us