/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e26f8154-0720-4347-aff5-534e8ce73395/9fe4e096-58c1-4514-80e8-ead687dd2fa2.jpg)
ডিজিটেল ডেস্কঃ এক কেজি কাজুৰ দাম ১কেজি আলু-পিয়াজতকৈ কম! আপুনি আচৰিত হলেও এই কথা মিছা নহয়। ১কেজি আলুৰ দাম এতিয়া বজাৰত ৪০-৫০টকা, ইয়াৰ বিপৰীতে এক কেজি পিয়াজৰ দাম ৫০-৬০টকা। ইয়াৰ বিপৰীতে ১কেজি কাজু আপুনি পাব ৩০-৪০টকাতে।
আপুনি বজাৰৰ পৰা ১কিলো কাজু ৮০০-১০০০টকাত ক্ৰয় কৰিলেও ভাৰতৰে এখন ৰাজ্যত কাজুৰ কেজি মাত্ৰ ৪০টকা। ঋাৰখণ্ডৰ জামতাড়া বুলি এখন গাওঁ আছে। এই গাঁৱখনত বৃহত পৰিমাণে উতপন্ন হয় কাজু। প্ৰায় ৫০একৰ ভূমি আগুৰি এই গাওঁখনত আছে এখন বিশাল কাজুৰ বাগান।
এই বাগানখনৰ ওচৰতে বহা এখন বজাৰত কেচাঁ কাজুৰ মূল্য প্ৰতিকেজিত মাত্ৰ ৪০-৫০টকা। অৱশ্যে প্ৰচেচিং কৰাৰ পাছত এই মূল্য হয়গৈ প্ৰতিকিলোত ১০০ৰ পৰা ১৫০হয়গৈ। কিন্তু দেশৰ আনবোৰ প্ৰান্তৰ তুলনাত এই বজাৰখনত কাজুৰ দাম বহু পৰিমাণে কম।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ঋাৰখণ্ডৰ কাজু খেতি কৰা কৃষকসকলে উচিত মূল্য নাপায় বুলি প্ৰায়ে অভিযোগ উত্থাপিত হৈ আহিছে। কিয়নো অন্য় বজাৰত হাজাৰ হাজাৰ টকাত বিক্ৰী হোৱা কাজু এইস কৃষকসকলে প্ৰতিকেজিত ৪০-৫০টকাতে বিক্ৰী কৰিব লগা হয়।
Also Read: পৰিবহণ বিভাগৰ উদ্যোগঃ ১ আগষ্টৰ পৰা যান-বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ...