৮ নৱেম্বৰত দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনঃ নিৰ্বাচনক কেন্দ্ৰ কৰি বিশেষ সভা...

author-image
Asomiya Pratidin
New Update
৮ নৱেম্বৰত দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনঃ নিৰ্বাচনক কেন্দ্ৰ কৰি বিশেষ সভা...

dhemaji

ডিজিটেল সংবাদ ধেমাজিঃ দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে বুধবাৰে ধেমাজি জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত বিয়লি প্ৰায় ৩-৩০ বজাত জিলা উপায়ুক্তৰ সভাকক্ষত এখনি সভা অনুষ্ঠিত হয়৷ উক্ত সভাখন আতঁ ধৰে নিৰ্বাচনী কৰ্মচাৰীসকলৰ মাষ্টাৰ ট্ৰেইনাৰ তথা ধেমাজি মীন খণ্ড উন্নয়ন বিষয়া লক্ষীনাথ লাগাছু আৰু ধেমাজি নিৰ্বাচনী বিষয়া ৰুবী ৰায়ে ।

Advertisment

ধেমাজি সদৰ মহকুমাৰ অন্তৰ্গত বহুকেইটা ৰাজনৈতিক দলৰ বিষয়ববীয়াৰ উপস্থিতত অনুষ্ঠিত হোৱা এই সভাত আগন্তুক ৮ নৱেম্বৰত অনুষ্ঠিত হ'বলগা স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধিৰ সম্পৰ্কে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত মিৰজানা হুছেইন আৰু নন্দিতা বৰুৱাই অৱগত কৰে । ৮ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ১৩ অক্টোবৰৰ পৰাই প্ৰাৰ্থীসকলে মনোনয়নৰ আবেদন পত্ৰ গ্ৰহণ কৰিব পাৰিব ৷

আনহাতে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন অহা ১৯ অক্টোবৰ নিৰ্ধাৰণ কৰা হৈছে। ১৯ অক্টোবৰৰ বিয়লি ৩ বজাৰ ভিতৰত মনোনয়ন দাখিল কৰিব পাৰিব প্ৰাৰ্থীসকলে।আনহাতে ২০ অক্টোবৰ বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰিব ৷

মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ শেষদিন অহা ২৫ অক্টোবৰ বিয়লি ৩ বজালৈকে। ২৫ অক্টোবৰ দিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ পাব। ৮ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত ১০ নৱেম্বৰত ভোটগণনা অনুষ্ঠিত হ'ব।

দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ধেমাজি সদৰ মহকুমাৰ চাৰিটা সমষ্টিৰ মুঠ ৮০৯৩ ভোটাৰে ভোটদান সাব্যস্ত কৰিব। ইয়াৰে পুৰুষ ভোটাৰ ৩৮৩৮ গৰাকী আৰু ৪২৫৫ গৰাকী মহিলা ভোটাৰ ৷

১০ নম্বৰ চিচিবৰগাঁও (জনজাতি)সমষ্টিত ভোটাৰৰ সংখ্যা হৈছে ২৮১৭ গৰাকী, ১১ নম্বৰ শ্ৰীপানী ( জনজাতি মহিলা) সমষ্টিত ভোটাৰৰ সংখ্যা ২২০৮ গৰাকী, ১৩ নম্বৰ বৰদলনি( জনজাতি) সমষ্টিত ভোটাৰৰ সংখ্যা ১২৬৯ গৰাকী আৰু ১৪ নম্বৰ গোগামুখ (জনজাতি) সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ১৭৯৯ গৰাকী ৷

dhemaji