/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/592919b4-0dbb-4ea4-a890-cf995e1fef52/deuri.jpg)
ডিজিটেল সংবাদ ,ধেমাজি: দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ ধেমাজি সদৰৰ চাৰিটা সমষ্টিৰ নিৰ্বাচনৰ বাবে মুঠ ৮০৯৩ ভোটাৰে অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ নিৰ্বাচন। ইয়াৰ বাবে ইতিমধ্যে যোৱা ১৭ অক্টোবৰত তিনিগৰাকীয়ে মনোনয়নপত্ৰ দাখিল কৰা পিছত বুধবাৰে অন্তিম দিনা ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰে ৷
বুধবাৰে দাখিল কৰা সকলৰ সৈতে ধেমাজি সদৰৰ চাৰিটা সমষ্টিত মুঠ ১৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিছে। নিৰ্বাচনী বিভাগৰ পৰা দিয়া তথ্য অনুসৰি ১০ নং চিচিবৰগাঁও সমষ্টিত বিজেপি দলৰ ভৱানী দেউৰী ,কংগ্ৰেছ দলৰ থানেশ্বৰ দেউৰী ,আপৰ মনোমতী দেউৰী আৰু নিৰ্দলীয় পৰা দেৱ কান্ত দেউৰীয়ে ৷
১১ নং শ্ৰীপানী সমষ্টিত বিজেপি দলৰ পৰা জোনমনি দেউৰী , কংগ্ৰেছ দলৰ টুটুমনি দেউৰী আৰু জেপিপি পৰা বীনাপানী দেউৰীয়ে ৷ ১২ নং গোগামুখ সমষ্টিত বিজেপিৰ দলৰ পৰা ৰাকেশ বৰদেউৰী,কংগ্ৰেছ দলৰ লক্ষীপ্ৰসাদ দেউৰী, জেপিপিৰ নিৰুপ্ৰভা দেউৰী ,আপৰ পৰা মধুৱালা দেউৰী আইৰিয়া , নিৰ্দলীয় ধৰ্মেন্দ্ৰ দেউৰী আৰু নিৰ্দলীয় হেমচন্দ্ৰ বৰদেউৰীয়ে ৷
১৩ নং বৰদলনি সমষ্টিত অগপৰ চিদানন্দ দেউৰী , কংগ্ৰেছৰ ৰয়েল দেউৰী আৰু নিৰ্দলীয় জিন্তু সোন দেউৰীয়ে মনোনয়নপত্ৰ দাখিল কৰিছে ৷ বুধাবাৰে মনোনয়নপত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলে বায়ন- বায়ন ঢোলেদগৰে নিজ নিজ সমৰ্থসকলক লৈ সমদল কৰি মনোনয়নপত্ৰ দাখিল কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us