/asomiyapratidin/media/media_files/2026/01/21/ujjjdd-2026-01-21-09-28-21.jpg)
ডিজিটেল ডেস্কঃ ডেনমাৰ্ক কজ্বা কৰিবলৈ সাজু ট্ৰাম্প। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে ডেনমাৰ্কক নিজৰ অন্তৰ্ভুক্ত কৰাৰ কথা কৈ আহিছে । ধাৰণা কৰা হৈছে যে, আমেৰিকাৰ পৰৱৰ্তী আক্ৰমণ এই ইউৰোপীয় দেশখনৰ ওপৰত হ’ব পাৰে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকাক নিজৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে গ্ৰীণলেণ্ডৰ প্ৰয়োজন। এই অঞ্চলত ৰাছিয়া আৰু চীনৰ নৌসেনাৰ কাৰ্যকলাপৰ উদাহৰণ দাঙি ধৰে তেওঁ। যদিহে আমেৰিকাই গ্ৰীণলেণ্ডক কজ্বা নকৰে তেন্তে চীন নাইবা ৰাচিয়াই দখল কৰিব বুলি যুক্তি দাঙি ধৰে ট্ৰাম্পে।
সোমবাৰে (১৯ জানুৱাৰী) নাটোৰ মুৰব্বী মাৰ্ক ৰুটেৰ সৈতে গ্ৰীণলেণ্ড সমস্যা সন্দৰ্ভত ফোনযোগে কথা পাতিছিল ট্ৰাম্পে আৰু গ্ৰীণলেণ্ড বিষয়ক লৈ ছুইজাৰলেণ্ডৰ ডাভোছত এখন বৈঠক আহ্বান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে বৈঠকৰ দিন সন্দৰ্ভত প্ৰকাশ কৰা নাই।
ট্ৰাম্পে ৰুটক স্পষ্টভাৱে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰীয় আৰু বিশ্ব নিৰাপত্তাৰ বাবে গ্ৰীণলেণ্ড অতি প্ৰয়োজনীয়। তেওঁ কয় যে বিশ্বৰ শান্তি শক্তিৰ দ্বাৰাহে বজাই ৰাখিব পাৰি, আৰু আমেৰিকা বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ। ইয়াৰ উপৰিও ড’নাল্ড ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এখন মেপ শ্বেয়াৰ কৰিছিল, য’ত কানাডা, গ্ৰীণলেণ্ড আৰু ভেনিজুৱেলাক আমেৰিকাৰ অংশ হিচাপে দেখুওৱা হৈছে।
ট্ৰাম্পে কয় যে গাজা বিষয় সন্দৰ্ভত নাটোৰ মুৰব্বী মাৰ্ক ৰুটেৰ সৈতে তেওঁৰ ফোনত অতি ভাল কথা-বতৰা হৈছিল। কথা-বতৰাৰ পিছতে চুইজাৰলেণ্ডৰ ডাভোছত বিভিন্ন পক্ষৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ চুক্তি হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us