/asomiyapratidin/media/media_files/2025/11/27/337-2025-11-27-16-26-02.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ চৰকাৰী খণ্ডত কৰ্মৰত কৰ্মচাৰীসকলৰ উমৈহতীয়া সংগঠন সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বায়িত কৰ্মবিৰতি কাৰ্যসূচী বুধবাৰে সৰ্বাত্মক প্ৰভাৱ পৰে ঢকুৱাখনা সমজিলাত । ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰী সকলে পুৰণি পেঞ্চন আঁচনি (অ পি এছ) প্ৰৱৰ্তন কৰাৰ বিপৰীতে নতুন পেঞ্চন আঁচনি (এন পি এছ ) আৰু সমন্বিত পেঞ্চন আঁচনি ( ইউ পি এছ) প্ৰত্যাহাৰ কৰাৰ দাবীত বুধবাৰে আহ্বান কৰিছিল কৰ্মবিৰতি কাৰ্যসূচী ।
সেই অনুক্ৰমে ঢকুৱাখনা সমজিলাৰ ঢকুৱাখনা আৰু ঘিলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সকলো প্ৰাপ্য বঞ্চিত চৰকাৰী কৰ্মচাৰীয়ে নিজ নিজ কৰ্মথলীত উপস্থিত হৈ উপস্থিতিৰ স্বাক্ষৰ প্ৰদান কৰি নিয়োজিত কৰ্মৰ পৰা বিৰত থাকে । তাৰোপৰি সমজিলাখনৰ সকলো শিক্ষক আৰু কৰ্মচাৰীয়ে নিজৰ কৰ্মথলীৰ সন্মুখত অৱস্থান কৰে দাবী সম্বলিত প্লে'কাৰ্ড প্ৰদৰ্শন কৰি ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-imag-2025-11-27-16-26-36.jpeg)
তাৎক্ষণিকভাৱে এন পি এছ আৰু ইউ পি এছ প্ৰত্যাহাৰ কৰি ৰাজ্য জুৰি অ' পি এছ প্ৰৱৰ্তন কৰা , প্ৰাপ্য বঞ্চিত কৰ্মচাৰী সকলৰ প্ৰতিনিধিত্বকাৰী সংগঠন সদৌ অসম এন পি এছ কৰ্মচাৰী সংস্থা আৰু যৌথ মঞ্চৰ দীৰ্ঘদিনীয়া দাবী সমূহ কাৰ্যকৰী কৰাৰ সমৰ্থনত সাব্যস্ত কৰা এই সৰ্বাত্মক প্ৰতিবাদৰ ফলত ঢকুৱাখনা সমজিলাৰ গৰিষ্ঠ সংখ্যক চৰকাৰী কাৰ্য্যালয় , বিভাগৰ লগতে শিক্ষানুষ্ঠান সমূহৰ স্বাভাৱিক কাম কাজ বিঘ্নিত হোৱা পৰিলক্ষিত হয় । জৰুৰীকালীন সেৱা আৰু পৰীক্ষা সেৱাত নিয়োজিত শিক্ষক কৰ্মচাৰীসকলে সামগ্ৰিকভাৱে ক'লা বেজ পৰিধান কৰি কৰ্মত নিয়োজিত হয় ।
অ' পি এছ ৰাজ্যখনৰ কৰ্মচাৰী সকলৰ নাৰ্য প্ৰাপ্য অধিকাৰ বুলি সকীয়াই দি ঢকুৱাখনাত প্ৰতিবাদী কৰ্মচাৰী সকলে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । ৰাজ্যখনৰ খাটি খোৱা কৰ্মচাৰী সকলৰ অধিকাৰ খৰ্ব কৰি চূড়ান্ত অবিচাৰ আৰু অন্যায় ভাবে জাপি দিয়া জনবিৰোধী এন পি এছ আৰু ইউ পি এছ কোনো কাৰণতে গ্ৰহনীয় নহয় বুলি সকীয়াই দি শীঘ্ৰে অ' পি এছ প্ৰৱৰ্তন কৰাৰ দাবী জনায় । এই ক্ষেত্ৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ কামনাৰে প্ৰতিবাদী শিক্ষক কৰ্মচাৰী সকলে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-imag-2025-11-27-16-26-54.jpeg)
ঢকুৱাখনা সমজিলাৰ ঢকুৱাখনা সমজিলা কাৰ্য্যালয়, ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়া আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় , ঘিলামৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয় আৰু সোৱণশিৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় , লোকনিৰ্মান বিভাগ , জলসম্পদ বিভাগ , জনস্বাস্থ্য কাৰিকৰী বিভাগ , ঢকুৱাখনা মহাবিদ্যালয় ,ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়কে প্ৰমুখ্য কৰি বিভিন্ন চৰকাৰী বিভাগ আৰু শিক্ষানুষ্ঠানৰ ২সহস্ৰাধিক কৰ্মচাৰীয়ে পুৱা ১০ বজাৰ পৰা বিয়লি ৫বজালৈ এই প্ৰতিবাদ সাব্যস্ত কৰি কাৰ্যতঃ অচল কৰি তোলে সমজিলাখনৰ চৰকাৰী বিভাগ সমূহৰ লগতে শিক্ষানুষ্ঠান সমূহ । পৰিণতিত বিভিন্ন বিভাগীয় সেৱা বিচাৰি কাৰ্য্যালয়লৈ যোৱা ৰাইজ বিমুখ হৈ উভতিব লগা পৰিস্থিতিৰো উদ্ভৱ হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us