বিলতীয়াত ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণ

বোকাখাত সমজিলাৰ অন্তৰ্গত বৃহত্তৰ দ অঞ্চলত এতিয়া বাঘৰ আতংকই দহিছে ৰাইজক। নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ পূৱ-মহুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিলতীয়া গাঁৱত এটা প্রকাণ্ড ঢেঁকীয়াপতীয়া বাঘে বিচৰণ কৰাৰ দৃশ্য চি চি কেমেৰাত বন্দী হোৱাৰ তথ্য

author-image
Asomiya Pratidin
New Update
19

ডিজিটেল সংবাদ, নুমলীগড় : বোকাখাত সমজিলাৰ অন্তৰ্গত বৃহত্তৰ দ অঞ্চলত এতিয়া বাঘৰ আতংকই দহিছে ৰাইজক। নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ পূৱ-মহুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিলতীয়া গাঁৱত এটা প্রকাণ্ড ঢেঁকীয়াপতীয়া বাঘে বিচৰণ কৰাৰ দৃশ্য চি চি কেমেৰাত বন্দী হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিচতে সৰ্বসাধাৰণ ৰাইজ সন্ত্রস্ত হৈ পৰিছে।

উল্লেখযোগ্য যে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাক ২০০৭ চনত ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা কৰাৰ পিচৰে পৰা বাঘৰ সংখ্যা ক্রমান্বয়ে উর্ধ্বগামী হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বনাঞ্চলৰ লগতে কাজিৰঙাৰ আশে-পাশে জনাঞ্চলসমূহতো বিভিন্ন সময়ত বাঘৰ বিচৰণে পশুধনৰ লগেত জন-জীৱনলৈয়ো তীব্র ভাবুকি কঢ়িয়াই আনিছে।

যোৱা ২০২৫ চনৰ মে' মাহত বোকাখাতৰ দুসুতিমুখত বাঘৰ আক্ৰমণত গোপীনাথ মিলি নামৰ এজন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিচতে ৰাইজৰ মাজত তীব্র উত্তেজনাই বিৰাজ কৰিছিল। ৰাইজে এটা ঢেঁকীয়াপাতীয়া বাঘক হানি-খুঁচি হত্যা কৰিছিল। এই অপৰাধত বন বিভাগে কেইবাজনো লোকক জেল-হাজোতলৈ প্রেৰণ কৰিছিল।

সেয়েহে, বিলতীয়া অঞ্চলত বাঘ দেখাৰ পিচতেই স্থানীয় ৰাইজ সন্ত্রস্ত হৈ পৰিছে। শীঘ্রেই জনসাধাৰণক যথোচিত নিৰাপত্তা প্ৰদানৰ বাবে বন বিভাগক ৰাইজে দাবী জনাইছে। মহুৰামুখ অঞ্চলৰ এজন সচেতন যুৱক ইভান লইঙে এই সম্পর্কে আজি 'অসমীয়া প্রতিদিন'ৰ আগত ক্ষোভেৰে কয় যে গেলাবিল নদীৰ দক্ষিণফালে বিলতীয়া গাঁওখন।

কাজিৰঙাৰ পৰা দূৰত্ব প্রায় ৬৫/৭০ কিলোমিটাৰ হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত চৰকাৰৰ পৃষ্ঠপোষকতাত ডাঙৰ ডাঙৰ নেতা-পালিনেতা আৰু কোটিপতিসকলে ৰেষ্টুৰেণ্ট, হোটেল, ৰিৰ্জট খুলি বন্যপ্রাণী অহা-যোৱা পথ বন্ধ কৰিব আৰু দাঁতি-কাষৰীয়াসকল বাঘৰ ভোজন হ'ব। এইটো কোনোপধ্যেই মানি লোৱা নহ'ব। মানুহক সকলো লাগিব কিন্তু জীর শ্রেষ্ঠসকলৰ নিৰাপত্তা প্রথমে নিশ্চিত কৰক সংশ্লিষ্ট কর্তৃপক্ষই।

নুমলীগড়