/asomiyapratidin/media/media_files/2025/11/25/315-2025-11-25-12-07-54.jpg)
ডিজিটেল সংবাদ, ঢেকীয়াজুলি : শোণিতপুৰ আৰু দৰং জিলাৰ মাজেৰে ডেকাৰগাওঁ, ঠেলামাৰা, বগৰীবাৰী, ডুমডুমা, দলগাঁও, মঙলদৈ আৰু আজ্ঞাঠুৰিক সংযোগ কৰি এটা নতুন ৰে’লপথ নিৰ্মাণৰ দাবীত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চই দীৰ্ঘদিন ধৰি বিভিন্ন আন্দোলন কৰি আহিছে ৷ এই দাবী সন্দৰ্ভত মঙলবাৰে ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ চাৰিজনীয়া প্ৰতিনিধি দল এটাই উত্তৰ -পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া তথা নিৰ্মাণ বিভাগৰ ভাৰপ্ৰাপ্ত জি এম অঞ্জনী কুমাৰক সাক্ষাৎ কৰে ৷ নাগৰিক মঞ্চৰ প্ৰতিনিধি দলটোৱে তেখেতক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷
উল্লেখ্য যে, এই নতুন ৰে’লপথ নিৰ্মাণৰ দাবীত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চই ২০১২ চনৰ পৰা বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে এই দাবী সন্দৰ্ভত ৰে’ল বোৰ্ড আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন নিবেদন জনাই আহিছে ৷ এই দাবীৰ পৰিপেক্ষিতত আৰু ৰে’লব’ৰ্ডৰ তৎপৰতাত উত্তৰ- পূৱ সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ইতিমধ্যে এই প্ৰস্তুাৱিত ৰে’লপথৰ ডিপিআৰ প্ৰস্তুত কৰি ডি পি আৰ ৰে’লবোৰ্ডত দাখিল কৰিছে বুলি শীৰ্ষ বিষয়াগৰাকীয়ে প্ৰতিনিধি দলটোক অৱগত কৰে ৷
এই দাবী সন্দৰ্ভত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চই ২০১৮ চনৰ ২৫ জুলাইত তেতিয়াৰ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীয়ুস গোৱেল, ৰে’লৰাজ্য মন্ত্ৰী মনোজ সিনহাক নতুন দিল্লীত সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছিল ৷ লগতে ৰে’ল ব’ৰ্ডৰ অধ্যক্ষৰ উপৰিও শীৰ্ষ বিষয়াক ৰে’লভৱনত সাক্ষাৎ কৰি স্মাৰকপত্ৰ দিছিল ৷
বিগত বৰ্ষৰ ১২ জুলাইত নাগৰিক মঞ্চৰ প্ৰতিনিধি দল এটা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ স্মাৰকপত্ৰ দাখিল কৰিছিল ৷ প্ৰতিনিধিদলটোৱে ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছিল ৷
নাগৰিক মঞ্চৰ প্ৰতিনিধি দলটো সেই সময়ত ৰে’লমন্ত্ৰী অশ্বীনী বৈষ্ণৱৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ ৰে’লমন্ত্ৰীগৰাকীৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰে ৷ এই ৰে’লপথ নিৰ্মাণৰ দাবীত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চই অৱস্থান ধৰ্মঘট, ধৰ্ণা কাৰ্যসূচী, গণ স্বাক্ষৰ অভিযান আদি অব্যাহত ৰাখিছে ৷
ইপিনে দৰং জিলাৰ মাজেৰে নতুন ৰে’লপথ নিৰ্মাণৰ দাবীত সৰৱ ভূমিকা পালন কৰি অহা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই বিগত বৰ্ষৰ ৬ জুলাইত নাগৰিক মঞ্চৰ প্ৰতিনিধি দল এটাই মংগলদৈত সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে ৷ এই নতুন ৰে’লপথ নিৰ্মাণৰ দাবী সন্দৰ্ভত বিগত বৰ্ষৰ ১৮ আগষ্টত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ প্ৰতিনিধি দল এটাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দিশপুৰত সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে ৷
এই ৰে’লপথ নিৰ্মাণ হ’লে উত্তৰ অসমৰ যাতায়াত যোগাযোগ সুচল হ’ব আৰু বৃহৎ সংখ্যক লোক উপকৃত হ’ব বুলি নাগৰিক মঞ্চৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে ৷ এই প্ৰতিনিধি দলটোত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সম্পাদক ৰিপেণ ৰাভা, সাংগঠনিক সম্পাদক নাৰায়ণ ফয়েল, ডা০ উমেশ চন্দ্ৰ দাস আৰু গোকুল বছনেট উপস্থিত আছিল ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us