/asomiyapratidin/media/media_files/2025/11/11/195-2025-11-11-23-09-47.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : বালাজান তিনিআলীৰ পৰা কালিপুখুৰী হৈ বাসুগাঁও লৈ যোৱা অতি ব্যস্ততম পথটো অসমমালা ৩.০ আঁচনিৰ পৰা নাম কৰ্তন কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উক্ত পথটো নিৰ্মানৰ বাবে যোৱা ৭ নৱেম্বৰত নিবিদা খোলাৰ কথা আছিল যদিও প্ৰশাসনিক কাৰণবশত অসমৰ মুখ্য অভিযন্তাই(গড়কাপ্তানি) সেয়া বাতিল কৰাত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰশাসনিক কাৰণত নে ৰাজনৈতিক কাৰণবশতঃ নিবিদা বাতিল হ'ল সেয়া অঞ্চলটোৰ ৰাইজে নুবুজাকৈ থকা নাই বুলি বুলিও চৰ্চিত হৈছে। উল্লেখ্য যে কোকৰাঝাৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ৰাইজৰ সুবিধাৰ্থে উক্ত পথটো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰি অনুমোদন কৰাইছিল আৰু যোৱা লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালিপুখুৰীৰ জৰেগাঁৱত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত বালাজান তিনিআলীৰ পৰা কালিপুখুৰীলৈ যোৱা পথটো অসমমালা আঁচনিৰ অধীনত নিৰ্মান কৰা হ'ব বুলিও ঘোষণা কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/11/whatsa-2025-11-11-23-10-04.jpeg)
তদুপৰি চম্পাৱতী নদীৰ ওপৰতো এখন দলং নিৰ্মান কৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল। সেইমৰ্মে যোৱা ১৪ অক্টোবৰত অসমৰ মুখ্য অভিযন্তা(গড়কাপ্টানি) বালাজান -বাসুগাঁও পথৰ বাবে নিবিদা জাননী প্ৰকাশ কৰে। ৫৪৭১.০৯ লাখ টকাৰ উক্ত কামটোৰ বাবে নিবিদা জমা দিয়াৰ তাৰিখ ২২ অক্টোবৰৰ পৰা ৭ নৱেম্বৰলৈ ধাৰ্য কৰে ।
কিন্তু ৰহস্যজনকভাৱে প্ৰশাসনিক কাৰণ দেখুৱাই মুখ্য অভিযন্তাই যোৱা ৩০ অক্টোবৰত ৫৪৭১.০৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হ'বলগীয়া বালাজান বাসুগাঁও পথৰ নিবিদা বাতিল কৰে। নিবিদা বাতিল হোৱাত পথটোৰ যে নিৰ্মানকাৰ্য বন্ধ হৈ পৰিল সেয়া স্পষ্ট হৈ পৰিল আৰু যাৰ পৰিণতিতে স্থানীয় ৰাইজ আজি ক্ষুব্ধ হৈ পৰিছে।
স্থানীয় ৰাইজে মঙলবাৰে কালিপুখুৰীত পথ অৱৰোধ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে আৰু নিজ দাবীৰ সমৰ্থনত শ্লোগান নিক্ষেপ কৰে। পিছত সংবাদ মাধ্যমৰ আগত স্থানীয় জনতাই কয় যে বালাজান-বাসুগাঁও পথটো হ'ল অতি ব্যস্ততম পথটো, যি পথেৰে এনটিপিচিলৈ গভীৰ ওজনৰ বাহনসমুহ চলাচল কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/11/whatsapp-image-20-2025-11-11-23-10-20.jpeg)
উক্ত পথৰেই কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰোগী, উক্ত পথেৰে ছাত্ৰ-ছাত্ৰীসকল বড়োলেণ্ড বিশ্ববিদ্যালয় , কোকৰাঝাৰ বিশ্ববিদ্যালয় বা অইন শিক্ষা প্ৰতিষ্ঠান , বেংক বজাৰ আদিলৈ আহযাহ কৰে। সেই পথটোৱে অসম মালা তালিকাৰ পৰা বাদ দিয়াত কোচ-ৰাজবংশী লোকসকলৰ লগতে অইন জনগোষ্ঠীৰ লোকসকলৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে আৰু অঞ্চলটো উন্নয়নৰ পৰা বঞ্চিত হ'ল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/11/whatsapp-im-2025-11-11-23-10-34.jpeg)
বাৰে বাৰে কোচ ৰাজবংশী জনতাক এনেদৰে প্ৰত্যাখ্যান কৰিলে অনাগত বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰো দিয়া হ'ব বুলি স্থানীয় ৰাইজে মত পোষণ কৰিছে। স্থানীয় ৰাইজৰ একাংশই সন্দেহ কৰা মতে বালাজান -বাসুগাঁও পথটোৰ নিবিদা বাতিল হোৱাৰ আঁৰত সম্পূৰ্ণ ৰাজনৈতিক কাৰণ নিহিত হৈ আছে আৰু শেহতীয়া চৰকাৰৰ হেঁচাতে নিবিদা বাতিল কৰা হৈছে ।
স্থানীয় ৰাইজে পথটি পুনৰনিৰ্মান কৰাৰ দাবী উত্থাপন কৰাৰ লগতে জনসাধাৰণৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চম্পাৱতী নদীৰ ওপৰত এখন দলং নিৰ্মানৰো দাবী উত্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us