চৈয়দা হামিদক গ্ৰেপ্তাৰৰ দাবী অসম জাতীয় পৰিষদৰ..

অসমলৈ আহি বাংলাদেশীৰ হৈ উকালতি কৰা দিল্লীৱালা নেত্ৰী চৈয়দা হামিদো বিজেপিৰ এজেন্ট। তেওঁ গুৱাহাটীলৈ আহি অসম বিদ্বেষী মন্তব্য কৰা কাৰ্য্যৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে।

author-image
Asomiya Pratidin
New Update
186

ডিজিটেল সংবাদ, গুৱাহাটী : অসমলৈ আহি বাংলাদেশীৰ হৈ উকালতি কৰা দিল্লীৱালা নেত্ৰী চৈয়দা হামিদো বিজেপিৰ এজেন্ট। তেওঁ গুৱাহাটীলৈ আহি অসম বিদ্বেষী মন্তব্য কৰা কাৰ্য্যৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে। - এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে । সোমবাৰে মেহমুদ মাদানীৰ সৈতে বিজেপিৰ গোপন সম্পৰ্কৰ তথ্য ফাদিল কৰাৰ পাছত আজি আন এখন সংবাদ মেলৰ আয়োজন কৰি জাতীয় পৰিষদৰ নেতৃবৃন্দই কিছুমান বিস্ফোৰক তথ্য ৰাজহুৱা কৰে।

Advertisment

উল্লেখযোগ্য যে যোৱা ২৪ আগষ্টৰ দিনা গুৱাহাটীত এখন সভা শেষ কৰি সাংবাদিকৰ সৈতে হোৱা কথোপকথনত চৈয়দা হামিদে "অসমত বাংলাদেশী থাকিলে কি অসুবিধা" বুলি মন্তব্য কৰাৰ লগতে বাংলাদেশীৰ প্ৰতি মানৱীয় দৃষ্টিভংগী পোষণ কৰিব লাগে বুলি মত প্ৰকাশ কৰিছিল। নেত্ৰীগৰাকীৰ উক্ত বক্তব্যৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ কেইবাগৰাকী নেতাৰ লগতে আন বহু ব্যক্তি তথা সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আনকি বিৰোধী দলসমূহেও নেত্ৰীগৰাকীৰ বক্তব্যক গৰিহণা দিছিল।

মঙলবাৰে অসম জাতীয় পৰিষদৰ সম্পাদকত্ৰয় চিত্তৰঞ্জন বসুমতাৰী, জিয়াউৰ ৰহমান আৰু গিৰিন তালুকদাৰে এখন সংবাদ মেলৰ আয়োজন কৰি অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে চৈয়দা হামিদৰ সম্পৰ্ক থকাৰ এক সূত্ৰ দাঙি ধৰে।

সংবাদ মেলৰ আৰম্ভণিতে জাতীয় পৰিষদৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে কয় যে উক্ত সংবাদ মেলত উপস্থিত থকা তেওঁলোক তিনিওজন নিভাজ অসমীয়া আৰু অসম তথা অসমীয়াৰ স্বাৰ্থৰ বিপৰীতে কোনোবাই কাম কৰিলেই তাৰ বিৰোধিতা কৰাটো একোগৰাকী অসমীয়া হিচাপে তেওঁলোকৰ দায়িত্ব। তেওঁ কয়, "অসমীয়া জাতি এতিয়া সংকটত পৰিছে। গতিকে হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, ধৰ্মী-অধৰ্মী সকলোৱে মিলি জাতিক সংকটৰ পৰা উদ্ধাৰ কৰিব লাগিব।"

তেওঁ কয় যে বিগত কিছুসময় দৰি ৰাজ্য চৰকাৰখনৰ তৎপৰতাত অসমখনক হিন্দ-মুছলমান তথা জাতি-জনগোষ্ঠীৰ ভিত্তিত ভাগ ভাগ কৰাৰ এক ষড়যন্ত্ৰ তীব্ৰ জোৰত চলি আছে। চৰকাৰখনে অসমক সাম্প্ৰদায়িকতাৰ ভিত্তিত ভাগ কৰাৰ কামত যিমান শক্তি আৰু সময় খৰচ কৰিছে, তাৰ আধাও যদি নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পূৰণ আৰু ৰাইজৰ সমস্যা সমাধানৰ কামত ব্যয় কৰা হ'লে ৰাজ্যখন লাখ লাখ নিবনুৱা, অসহনীয় মূল্য বৃদ্ধি, উৎপাদনহীনতা, ব্যৱসায়ীসকলৰ হাহাকাৰ আৰু ঋণৰ বোজাকে ধৰি জটিল সমস্যাসমূহত ককবকাই থাকিবলগা নহ' লহেতেন।

জাতীয় পৰিষদৰ নেতাগৰাকীৰ মতে, যিহেতু চৰকাৰে তেওঁলোকৰ ওপৰত অৰ্পিত দায়িত্বসমূহ পালন কৰিব পৰা নাই আৰু তাৰ ফলত ৰাইজ ৰুষ্ট হৈছে, সেয়ে ৰাইজৰ দৃষ্টি আঁতৰাবলৈ' ইছ্যু ডাইভাৰ্ট' কৰিবলৈ প্ৰতি সপ্তাহে-পোন্ধৰ দিনে মুক্যমন্ত্ৰীয়ে নতুন নতুন ইছ্যু উলিয়াই সংবাদ মাধ্যমক ব্যস্ত ৰাখে। কিন্তু মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰা কোনো এটা 'নেৰেটিভ' (বাকধাৰা) কামত নহা বাবে তেওঁৰ আৰু তেওঁৰ দলৰ ৰাজনৈতিক ভৱিষ্যত সংকটত বুলি উপলব্ধি কৰি মুখ্যমন্ত্ৰীগৰাকী অলপ দিনৰ পৰা অস্থিৰ হৈ পৰিছে। সেই অস্থিৰতা মুখ্যমন্ত্ৰীৰ কাম-কাজ আৰু চেহেৰাত স্পষ্ট হৈছে।

ইফালে আজমলৰ মুখখন দেখুৱাই, আজমলৰ নামত ভয় খুৱাই ভোট আদায়ৰ কৌশলে কাম নিদিয়াত আজমলৰ দৰেৱআন এজন আজমলৰ প্ৰয়োজন অনুভৱ কৰি শেহতীয়াকৈ মেহমুদ মাদানীক অসমত প্ৰাসংগিক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে চলোৱা প্ৰচেষ্টাৰ গোপন ৰহস্য কালি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে উন্মোচন কৰি দিয়াৰ প্ৰসংগ উল্লেখ কৰি ৰহমানে কয় যে মাদানীৰ দৰে মুখ্যমন্ত্ৰীয়ে চৈয়দা হামিদকো ব্যৱহাৰ কৰিছে নেকি, সেইটোও গুৰুত্বপূৰ্ণ।

এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে চৈয়দা হামিদৰ সম্পৰ্ক থকাৰ এক সূত্ৰ দাঙি ধৰি ৰহমানে কয় যে চৈয়দা হামিদৰ সৈতে অসমৰ জ্যেষ্ঠ সাংবাদিক ৱাছবিৰ হুছেইনৰ সুসম্পৰ্ক আছে। হুছেইন সম্পাদক হৈ থকা 'চেন্টাৰ ফৰ ডেভেলপমেন্ট এণ্ড পীছ ষ্টাডীজ' নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৱে চৈয়দা হামিদক ২০১১ চনৰ ১৬ আৰু ১৭ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হোৱা এখন আলোচনা চক্ৰত চৈয়দা হামিদ উপস্থিত আছিল।

উক্ত সভাখনৰ দুখন ফটো মন্ত্ৰী পিযুষ হাজৰিকাই ৰাজহুৱা কৰা বুলি উল্লেখ কৰি ৰহমানে কয় যে উক্ত আলোচনা চক্ৰত চৈয়দা হামিদৰ সৈতে সাংবাদিক ৱাচবিৰ হুছেইন উপস্থিত থকা বুলি উক্ত ফটোখনত দেখা গৈছে। সাংবাদিক হুছেইন হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন এটা ব্যক্তিগত টিভি চেনেলৰ মুখ্য সম্পাদক।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন আন এটা চেনেলৰ মুখ্য সম্পাদক চৈয়দ জাৰিৰ হুছেইনো উক্ত সংস্থাটোৰ সৈতে জড়িত। দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিক মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বেতনভোগী কৰ্মচাৰী। মুখ্যমন্ত্ৰীয়ে উক্ত সাংবাদিকদ্বয়ক ব্যৱহাৰ কৰি, অসম-বিদ্বেষী বক্তব্য দিবলৈ চৈয়দা হামিদক শ্ৰুতলিপি দিছিল নেকি, এই প্ৰশ্নৰ উত্তৰ ৰাজহুৱা হোৱা প্ৰয়োজন বুলি উল্লেখ কৰি ৰহমানে মত প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে চৈয়দা হামিদে বাংলাদেশীৰ প্ৰতি মানৱীয় দৃষ্টিভংগী ৰখাটো তাৎপৰ্য্যপূৰ্ণ বুলি উল্লেখ কৰি ৰহমানে কয় যে বিজেপিয়েও মানৱীয় দৃষ্টিভংগীত বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ আইন কা'খন প্ৰণয়ন কৰিছিল। এই ক্ষেত্ৰত চৈয়দা হামিদ আৰু বিজেপিৰ বক্তব্যৰ মিল থকাটো লক্ষ্যণীয় বুলি ৰহমানে কয়। তেওঁ অসম-বিদ্বেষী বক্তব্য ৰখা চৈয়দা হামিদক গ্ৰেপ্তাৰৰ দাবী তুলি কয় যে উক্ত দিল্লীৱালা নেত্ৰীগৰাকীয়ে উক্ত বক্তব্যৰে অসমত জনগোষ্ঠীসমূহৰ মাজত ভুল বুজাবুজিৰ অপচেষ্টা আৰু সাম্প্ৰদায়িক মেৰু বিভাজনৰ চেষ্টা চলোৱাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজো কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰিব লাগে।

"যদি চৈয়দা হামিদ মুখ্যমন্ত্ৰীৰ মানুহ নহয়, যদি তেওঁ মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি অনুসৰিহে উক্ত বক্তব্য দিয়া নাছিল, তেনেহ'লে তেওঁক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাওক । অন্যথা আমি চৈয়দা হামিদ মুখ্যমন্ত্ৰীৰ মানুহ বুলি প্ৰমাণ হ'ব।" বুলি ৰহমানে কয়।

অসম জাতীয় পৰিষদ