/asomiyapratidin/media/media_files/2025/11/09/167-2025-11-09-14-53-42.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : আদিবাসীসকলৰ জনজাতিকৰণ, ভূমিৰ পট্টা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকা প্ৰদান কৰাৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই বাইক ৰেলী উলিয়ায় ৷ আদিবাসীসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ৷ আদিবাসী মন্ত্ৰী বিধায়ক থকাৰ পাছতো আজি আদিবাসী সকলে সংগ্ৰাম কৰিব লগীয়া হৈছে ৷ ২০২৬ চনৰ নিৰ্বাচনত আদিবাসী ছাত্ৰ সন্থাই ধনু কাৰ লৈ বিজেপি চৰকাৰক বিদায় দিবলৈ সাজু হৈ আছো বুলি কয় কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ইছাক লাক্ৰাই ৷
অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, মোডী চৰকাৰৰ কাম নাই, জনজাতিকৰণ প্ৰদান কৰক, ভুমিৰ পট্টা প্ৰদান কৰক আদি বিভিন্ন শ্লোগানেৰে ৰঙাপৰা ৰাজপথ উত্তাল কৰি তোলে ৷ কোকৰাঝাৰৰ পৰা আৰম্ভ কৰা উক্ত বাইক ৰেলী ৰঙাপৰা হৈ বিশ্বনাথ, লক্ষীমপুৰ তিনিচুকীয়া হৈ ঘুৰি আহি কোকৰাঝাৰত সামৰণি পৰিব ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us