ৰাজ্যত কেঁচা চাহপাতৰ উচিত মূল্যৰ দাবী দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কেন্দ্ৰীয় সমিতিৰ

ৰাজ্যত কেঁচা চাহপাতৰ মূল্য তেনেই নিম্নগামী হোৱাত হাজাৰ-হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। বৰ্তমান কেঁচা চাহপাতৰ মূল্য ১৩-১৪ টকালৈ হ্ৰাস পোৱাত কৃষকসকলে শ্ৰমিকক মজুৰি দিবলৈ চিন্তাৰ কাৰণ হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
298

ডিজিটেল সংবাদ, গোলাঘাট : ৰাজ্যত কেঁচা চাহপাতৰ মূল্য তেনেই নিম্নগামী হোৱাত হাজাৰ-হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। বৰ্তমান কেঁচা চাহপাতৰ মূল্য ১৩-১৪ টকালৈ হ্ৰাস পোৱাত কৃষকসকলে শ্ৰমিকক মজুৰি দিবলৈ চিন্তাৰ কাৰণ হৈ পৰিছে।

প্ৰতি কিলো কেঁচা চাহপাত ছিঙোতে শ্ৰমিকক ৫ ৰ পৰা--৬ টকা দিব লাগে। ইফালে ৰাসায়নিক সাৰ কীটনাশক ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধি! আকৌ সাৰ ঔষধ প্ৰয়োগ কৰা আৰু চাহ গছৰ কলম কাটোতে বুজন পৰিমাণৰ ধন খৰছ হয়।

গতিকে ১৩-১৪ টকা দামত কেঁচাপাত বিক্ৰী কৰিলে খেতিয়কৰ লাভৰ অংশ তেনেই শূণ্য। এই ক্ষেত্ৰত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গোলোক দাসে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কথা চিন্তা কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় ।

চাহ