/asomiyapratidin/media/media_files/2025/12/06/413-2025-12-06-10-59-11.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ পাণপুৰস্থিত ঘিলাধাৰী নদীৰ ওপৰত থকা একমাত্ৰ দলঙখন পুনৰ নিৰ্মানৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷ জামুগুৰিহাটৰ খলিহামাৰী, বটীয়াৰোকা, তেৱাৰীপাল আদি অঞ্চলৰে যোগাযোগৰ একমাত্ৰ দলংখন যোৱা ২০১২ চনতে বানপানীয়ে ভাঙি তচনচ কৰাৰ পাচত আজিকোপতি নিৰ্মান নকৰিলে বিভাগে ৷
উল্লেখ্য যে পাণপুৰৰ পৰা বিশ্বনাথ ঘাটলৈকে কাজিৰঙা ষষ্ঠ সংযোজনৰ কাষেদি বান্ধ দিয়া এটি পথকো সংযোগ কৰিছে এই দলংখনে ৷ দলংখন সম্পূৰ্ণ হ'লে এই পথেদি কাজিৰঙা ষষ্ঠ সংযোজনৰ বন্য জীৱজন্তু নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰো সৌভাগ্য ঘটিব পৰ্য্যটকৰ ৷
দলংখন সম্পূৰ্ণ হ'লে ঘিলাধাৰী নদীক সম্বল কৰি জীৱন নিৰ্বাহ কৰা মৎস্যজীৱি ৰাইজো বিশেষভাৱে উপকৃত হ'ব বুলি মন্তব্য কৰে স্থানীয় কৃষক ৰাইজে ৷ স্থানীয় নদীপৰীয়া ৰাইজে ঘিলাধাৰী নদীৰ ওপৰত থকা দলংখন শীঘ্ৰে নিৰ্মানৰ দাবী তুলিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us