শুশ্ৰূষা সেতু মেগা স্বাস্থ্য শিবিৰৰ ২০ লাখটকীয়া বাজেটৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী গহপুৰ আছুৰ...

গহপুৰ বিধান সভা সমষ্টিভিত্তিক যোৱা ১০ অক্টাবৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ শুশ্ৰূষা সেতু মেগা স্বাস্থ্য শিৱিৰৰ ২০ লাখ টকা পূজিৰ সঠিক ব্যৱহাৰক লৈ গহপুৰৰ সচেতন ৰাইজৰ মাজত বিভিন্ন প্ৰশ্ন

author-image
Asomiya Pratidin
New Update
fdegsdg

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ বিধান সভা সমষ্টিভিত্তিক যোৱা ১০ অক্টাবৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ শুশ্ৰূষা সেতু মেগা স্বাস্থ্য শিৱিৰৰ ২০ লাখ টকা পূজিৰ সঠিক ব্যৱহাৰক লৈ গহপুৰৰ সচেতন ৰাইজৰ মাজত বিভিন্ন প্ৰশ্ন উথাপন হৈ অহাৰ সময়তে শুক্ৰবাৰে গহপুৰ মহকুমা ছাত্র সন্থাই ইয়াৰ ওপৰত এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ বিশ্বনাথ জিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

গহপুৰ মহকুমা ছাত্র সন্থাৰ সভাপতি দিব্যজ্যোতি ভূঞা আৰু সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞাৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰখন গহপুৰ সমজিলাৰ আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা হয়।স্মাৰক পত্ৰখনত ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত ৰোগীসকলৰ সুবিধার্থে আল্টাচাউণ্ড আৰু চি.টি.স্কেন যন্ত্ৰৰ ব্যৱস্থা কৰি  এটা ব্লাড বেংক স্থাপন কৰিবলৈও দাবী জনোৱা হয়।

গহপুৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত হোৱা বহু দিন ধৰি গহপুৰ নগৰৰ পৰা সমজিলা আযুক্ত কার্যালয়ৰ সন্মুখলৈকে ষ্ট্ৰীট লাইট ব্যৱস্থা নথকাৰ ফলত নিশা বহুতো দুর্ঘটনা সংঘটিত হয়। সেয়ে অতি সোনকালে এই পথছোৱাত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হয়।

স্মাৰক পত্ৰখনত লগতে কোৱা হয় যে যোৱা ১০ অক্টোবৰত গহপুৰত অনুষ্ঠিত হোৱা "মেগা স্বাস্থ্য মেলা"ৰ নামত আবণ্টিত বিভিন্ন শিতানৰ ২০ লাখ টকাৰ ধনৰাশি সদ ব্যৱহাৰ হোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত কৰি ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হয়।

গহপুৰ মহকুমাত হৈ থকা চৰকাৰী কাম (ৰাস্তা-ঘাট, দলং আৰু কেইবাখনো বিদ্যালয়ত হৈ থকা আৱাসগৃহ) সমূহত নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন অনিয়ম আৰু দুর্নীতি সংঘটিত হৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে।এইসমূহৰ ওপৰত তদন্ত কৰিবলৈ আহ্বান জনাইছে গহপুৰ মহকুমা ছাত্র সন্থাই।

গহপুৰ