দিল্লী বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন

সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগতো উদযাপন কৰা হয় ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ।

author-image
Asomiya Pratidin
New Update
FSDSDERDDDFDF

ডিজিটেল সংবাদ, নতুন দিল্লীঃ সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগতো উদযাপন কৰা হয় ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ। সোমবাৰে বিয়লি দিল্লী বিশ্ববিদ্যালয়ৰ বিভিন্ন মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকল বিভাগৰ সভা গৃহত সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন কৰে।

WhatsApp Image 2025-09-09 at 11.05.34 AM

লক্ষ্মীবাঈ মহাবিদ্যালয়ৰ ৩য় ষান্মাসিকৰ বিদ্যাৰ্থী অন্তৰা শৰ্মাই ভায়োলিন বাদনেৰে পৰিৱেশন কৰা ড° হাজৰিকাৰ “বুকু হম হম কৰে” শীৰ্ষক গীতটিৰে অনুষ্ঠানটোৰ আৰম্ভণি কৰা হয়। অনুষ্ঠানলৈ অতিথি বক্তা হিচাপে আমন্ত্ৰণ কৰা দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক (ড°) দীপশিখা মহন্ত বৰতামুলীয়ে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ গীতত অসম, অসমীয়া, অসমৰ প্ৰতি অকৃত্ৰিম ভালপোৱা, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি স্নেহ, ভাৰতবৰ্ষ, সম্প্ৰীতি, মানৱতাবাদ, বিশ্বপ্ৰেম, লোকসংস্কৃতি আদি বিভিন্ন দিশৰ ওপৰত অৱলোকন কৰে। বক্তব্যৰ মাজে মাজে সভাগৃহত উপস্থিত দৰ্শক-শ্ৰোতাৰ সৈতে কৰা আলোচনাই ইয়াক মনোগ্ৰাহী কৰি তোলে।

WhatsApp Image 2025-09-09 at 11.05.35 AM

ইফালে, প্ৰিয়াক্ষী কলিতা, ৰিয়া ভট্টাচাৰ্য্য, ঊৰ্মি বৰমুদৈ, অনন্যা হাজৰিকা, অন্তৰা শৰ্মাই পৰিৱেশন কৰা ড° হাজৰিকাৰ গীত, কবিতাই অনুষ্ঠানটো উপভোগ্য কৰি তোলে। অনুষ্ঠানটোৰ সমন্বয়ক তথা ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° মিতালী বৰ্মনে মন্তব্য কৰে যে, "সুধাকণ্ঠ ড° ভূপেন হাজৰিকা নিজেই এখন এনছাইক্ল’পেডিয়া সদৃশ; তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে বিভিন্ন আলোচনা হৈছে যদিও আৰু যথেষ্ট আলোচনা কৰাৰ অৱকাশ আছে।" বিভাগটোৰ শিক্ষক তথা বিদ্যাৰ্থীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটো সফল কৰি তোলে। শেষত, বিভাগীয় মূৰব্বী অধ্যাপক ৰবি প্ৰকাশ টেকচন্দানিয়ে অনুষ্ঠানটোৰ সাফল্যৰ বাবে অভিনন্দন জনায়।

ড০ ভূপেন হাজৰিকা দিল্লী বিশ্ববিদ্যালয়