অশান্ত মধ্য প্ৰাচ্য : মাজ আকাশৰ পৰাই দিল্লীলৈ উভতিল মানচেষ্টাৰ অভিমুখী বিমান

সোমবাৰে পুৱা দিল্লীৰ পৰা ইংলেণ্ডৰ মানচেষ্টাৰ অভিমুখে উৰা মৰা বিমানখনে প্ৰায় ৭ ঘণ্টা যাত্ৰা কৰাৰ পিছত আধাতে যাত্ৰা সামৰি পুনৰ ভাৰতলৈ উভতি আহে।

author-image
Asomiya Pratidin
New Update
new ap web iran

ডিজিটেল ডেস্ক : এতিয়াও সুস্থিৰ হোৱা নাই মধ্যপ্ৰাচ্যৰ অস্থিৰ পৰিবেশ। স্বাভাৱিক জীৱন- যাপনৰ পৰা বহু যোজন দূৰৈত আছে ইয়াৰ বাসিন্দাসকল। আন আন পৰ্যটক তথা বিভিন্ন দেশৰ প্ৰবাসীসকলৰ দৰে ভালেসংখ্যক প্ৰবাসী ভাৰতীয় আৱদ্ধ হৈ আছে মধ্য প্ৰাচ্যৰ দেশসমূহত। 

অৱশ্যে মাজে- মধ্যে বিমানযোগে তেওঁলোকক নিৰাপদ স্থানলৈ লৈ গৈ হৈ থকা হৈছে। ইয়াৰ মাজতে সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পুৱা দিল্লীৰ পৰা মানচেষ্টাৰ অভিমুখে উৰা মাৰিছিল এখন যাত্ৰীবাহী বিমান। বিমানখনৰ নম্বৰ হৈছে- ৬ ই ৩৩।  

প্ৰকাশিত তথ্য অনুসৰি, দিল্লীৰ পৰা মানচেষ্টাৰ অভিমুখী ইণ্ডিগোৰ এই বিমানখন মাজ আকাশৰ পৰাই পুনৰ দিল্লীলৈ উভতি আহিবলগীয়া হয়। মধ্য প্ৰাচ্য অব্যাহত থকা যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে বিমানে এই সিদ্ধান্ত ল’বলৈ বাধ্য হয়।

উল্লেখযোগ্য যে, সোমবাৰে পুৱা দিল্লীৰ পৰা ইংলেণ্ডৰ মানচেষ্টাৰ অভিমুখে উৰা মৰা বিমানখনে প্ৰায় ৭ ঘণ্টা যাত্ৰা কৰাৰ পিছত আধাতে যাত্ৰা সামৰি পুনৰ ভাৰতলৈ উভতি আহে।

iran