দিল্লীত এতিয়া কেনে পৰিস্থিতি…

দিল্লীত এতিয়া কেনে পৰিস্থিতি…

ডিজিটেল ডেস্কঃ ক্ৰমাৎ শান্ত হৈছে উত্তৰ পূব দিল্লীৰ পৰিস্থিতি। দিল্লীৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি অব্যাহত থকা হিংসাত্মক পৰিস্থিতিত ৩৮ জন লোক নিহত হোৱাৰ লগতে আহত হৈছে অৰ্ধশতাধিক লোক। দিল্লীৰ এনে উত্তপ্ত পৰিস্থিতি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়তে দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত এতিয়া পৰিস্থিতি অধিক নিয়ন্ত্ৰণলৈ অহা পৰিলক্ষিত হৈছে। হিংসাজৰ্জৰ অঞ্চলসমূহত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী। উত্তৰ পূব দিল্লীৰ মৌজপুৰ, খজুৰি খাছ, দয়ালপুৰ আদি অঞ্চলত সেনা-নিৰাপত্তাৰক্ষীয়ে ৰাজপথত ফ্লেগ মাৰ্চ বাহি কৰি পৰিস্থিতি নিয়ন্ত্ৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

ইফালে গোকুলপুৰীত বিগত ৩ দিন ধৰি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি জানিব পৰা গৈছে। যদিও বৃহস্পতিবাৰৰ দিনটোলৈ অঞ্চলটোত এক শংকাময় পৰিৱেশে বিৰাজ কৰিছিল, শুকুৰবাৰে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিছে। অঞ্চলটোৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা হোৱাৰ লগতে ৰাজপথতো যান বাহনৰ চলাচল আৰম্ভ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in