/asomiyapratidin/media/media_files/2025/11/03/whatsapp-im-2025-11-03-22-16-44.jpeg)
ডিজিটেল ডেস্ক : আন আন দৰ্শকৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উপভোগ কৰে জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ চিনেমাখন । তেওঁ সোমবাৰে সন্ধিয়াৰ ভাগত নতুন দিল্লীৰ চিলেক্ট চিটি ৱাকত উপভোগ কৰে ‘ৰৈ ৰৈ বিনালে’।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/03/whatsap-2025-11-03-22-16-27.jpeg)
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে চিনেমাখন চোৱাৰ আগেয়ে ছবিগৃহত সযতনে থোৱা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। ৰৈ ৰৈ বিনালে চাই তেওঁৰ মন্তব্যত কয়- চিনেমাখন চাই বৰ ভাল লাগিছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/03/what-2025-11-03-22-17-02.jpeg)
জুবিন গাৰ্গৰ অভিনয় খুউব হৃদয়স্পৰ্ষী হৈছে ৷ জুবিন গাৰ্গৰ সৃষ্টিৰাজি সদায় অমৰ হৈ থাকিব৷ জুবিন গাৰ্গে ন্যায় পাবই লাগিব ৷ অসমৰ ৰাইজৰ যিটো দাবী সেইয়া আমাৰো দাবী ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/03/whatsapp-image-2025-2025-11-03-22-17-17.jpeg)
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ৩১ অক্টোবৰত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত মুক্তি লাভ কৰিছে ৰৈ ৰৈ বিনালে। একেদৰে অহা ১৫ নৱেম্বৰৰ পৰা বিদেশতো মুক্তি পাব ৰৈ ৰৈ বিনালে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us