২০২০ৰ হিংসাত্মক ঘটনা আছিল পূৰ্বপৰিকল্পিতঃ দিল্লী উচ্চ ন্যায়ালয়…

২০২০ৰ হিংসাত্মক ঘটনা আছিল পূৰ্বপৰিকল্পিতঃ দিল্লী উচ্চ ন্যায়ালয়…

ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ে ২০২০চনৰ ফেব্ৰুৱাৰীত ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাক লৈ এই ঘটনাক পূৰ্বপৰিকল্পিত বুলি কয়। এই হিংসাত্মক ঘটনাবোৰ কোনো প্ৰতিক্ৰিয়াৰ ফলত হোৱা নাছিল। আদালতে কয় যে- লাভ কৰা ভিডিঅ'বোৰত দেখা গৈছে যে, য'ত প্ৰতিবাদকাৰীৰ আচৰণ স্পষ্ট ৰূপত পৰিলক্ষিত হৈছে। হিংসাত্মক ঘটনাবোৰ সাধাৰণ জনজীৱন স্তব্ধ কৰাৰ উদ্দেশ্যেৰেই কৰা হৈছিল।

আদালতে লগতে কয়- যিসকলে এই ঘটনা সংঘটিত কৰিছে তেওঁলোকে চিচিটিভি কেমেৰা নিষ্ক্ৰিয় কৰি আইন শৃংখলা ভংগ কৰাৰ উদ্দেশ্যেৰেই পূৰ্বপৰিকল্পিতভাৱে এই হিংসাত্মক ঘটনাবোৰ কৰিছিল। আৰু ভিডিঅ'বোৰত দেখা গৈছে যে, প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ লোকৰ ওপৰতো লাঠীৰে প্ৰহাৰ কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ে লগতে কয় যে- 'এই ঘটনা হঠাতে হোৱা নাছিল, কিয়নো এয়া আছিল পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰ।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in