১৪ বছৰৰ পাছত ২৬ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিলে দিল্লীৰ তাপমাত্ৰাই

দিল্লীৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৭.৮ ডিগ্ৰী ধাৱমান হৈ ২৬.৪ ডিগ্ৰী চেলছিয়াছত উপনীত হয়। ২০১১ চনৰ পৰা উপলব্ধ তথ্য অনুসৰি ২০১২ চনত আগষ্ট মাহৰ পূৰ্বৰ সৰ্বনিম্ন সৰ্বোচ্চ উষ্ণতা আছিল ২৭.৯ ডিগ্ৰী চেলছিয়াছ আছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি শনিবাৰে দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা ২৬.৪ ডিগ্ৰী চেলছিয়াছ হয়। ইয়াৰ পূৰ্বে ১৯৭৬ চনৰ ৯ আগষ্টত দিল্লীৰ সৰ্বনিম্ন উষ্ণতা ২৫.৩ ডিগ্ৰী চেলছিয়াছ আছিল।

লক্ষ্যণীয় যে,দিল্লীৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৭.৮ ডিগ্ৰী ধাৱমান হৈ ২৬.৪ ডিগ্ৰী চেলছিয়াছত উপনীত হয়। ২০১১ চনৰ পৰা উপলব্ধ তথ্য অনুসৰি ২০১২ চনত আগষ্ট মাহৰ পূৰ্বৰ সৰ্বনিম্ন সৰ্বোচ্চ উষ্ণতা আছিল ২৭.৯ ডিগ্ৰী চেলছিয়াছ আছিল।

ৰাজধানী চহৰখনত শুকুৰবাৰে নিশাৰ পৰা অবিৰতভাৱে বৰষুণ দি থকাৰ ফলত বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল। বহু আৱাসিক অঞ্চল পুখুৰীত পৰিণত হৈছিল। ৰাজপথত পানী জমা হোৱা, গছ সৰি পৰা আৰু গাঁতৰ বাবে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

বতৰ বিভাগৰ তথ্য অনুসৰি শনিবাৰে পুৱা ৮.৩০ বজালৈকে ছফদাৰজুঙত ৭৮.৭ মিলিমিটাৰ, প্ৰগতি ময়দানত ১০০ মিলিমিটাৰ, লোধি পথত ৮০ মিলিমিটাৰ, পুছাত ৬৯ মিলিমিটাৰ আৰু পালামত ৩১.৮ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে। পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ চফদৰজুঙত আৰু ২৫.৯ মিলিমিটাৰ বৰষুণ হয়।

দিল্লী