ৰাষ্ট্ৰপতিৰ বিশেষ আমন্ত্ৰণ ৰক্ষা কৰি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ বিশেষ অনুষ্ঠানত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা...

৭৭সংখ্যক গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অভ্যৰ্থনা অনুষ্ঠানত ভাগ ল'লে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। ৰাষ্ট্ৰপতি দৌপ্ৰদী মুৰ্মুৰ বিশেষ আমন্ত্ৰণ ৰক্ষা কৰা কৰি এই

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ ৭৭সংখ্যক গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অভ্যৰ্থনা অনুষ্ঠানত ভাগ ল'লে সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। ৰাষ্ট্ৰপতি দৌপ্ৰদী মুৰ্মুৰ বিশেষ আমন্ত্ৰণ ৰক্ষা কৰা কৰি এই অনুষ্ঠানত অংশ লৈছিল জয়ন্ত বৰুৱাই।

eb8026d8-9811-409e-a55c-c6d60638e212

উল্লেখ কৰা প্ৰয়োজন যে, এই বিশেষ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিৰোধীৰ বহুকেইগৰাকী নেতা। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে আদি কৰি কেইবাগৰাকীও জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত আছিল এই অনুষ্ঠানত। বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ দৰে বিৰোধী দলৰ নেতাও ভাগ লৈছিল অনুষ্ঠানটোত। 

অতি গাম্ভীৰ্যপূৰ্ণ আৰু ৰাজকীয় এই অনুষ্ঠানটোত  এইবাৰ বিশেষভাৱে আলোকপাত কৰা হয় উত্তৰ-পূবক। অসমৰ খাদ্য সম্ভাৰকো বিশেষ গুৰুত্ব দি সকলো অতিথিক আপ্যায়ন কৰা হৈছে। অসমৰ পৰম্পৰাগত জা-জলপানেও এই অনুষ্ঠানৰ সকলো অতিথিকে আকৰ্ষণ কৰিছে। এই বিশেষ অনুষ্ঠানটোত দেশৰ ৮০০গৰাকী ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত বিশিষ্ট লোক উপস্থিত আছিল। 

708a8cd0-1450-4d2b-8210-96b658af2ec2

এই অনুষ্ঠানত অংশ লৈ সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে অনুভৱ ব্যক্ত কৰি কয় যে, এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ বাবে মই বিশেষভাৱে দেশৰ ৰাষ্ট্ৰপতি মহোদয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানত উপস্থিত হৈ মোৰ খুবেই ভাল লাগিল। দেশৰ ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সৌভাগ্য হ'ল। 

তেওঁ লগতে কয় যে,  এই অনুষ্ঠানটোত এইবাৰ উত্তৰ-পূব তথা অষ্টলক্ষ্মীক বিশেষভাৱে গুৰুত্ব দি তথা মূল বিষয় হিচাপে নিৰ্বাচিত কৰা হৈছে। দেশৰ বিশিষ্ট ব্যক্তিসকলৰ মাজত উত্তৰ-পূবৰ কৃষ্টি-সংস্কৃতি তথা খাদ্য সম্ভাৰক যিদৰে উপস্থাপন কৰা হৈছে সেয়া মোক বিশেষভাৱে আনন্দিত কৰিলে।  

জয়ন্ত বৰুৱা