ডিজিটেল ডেস্কঃ দিল্লীৰ এগৰাকী মহিলাক অশ্লীল মেচেজ দি দিল্লী আৰক্ষীৰ ৰঙাঘৰৰ আলহী হল অসমৰ এগৰাকী যুৱক। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত অসমলৈ আহি দিল্লী আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে যুৱৰকগৰাকীক।
দক্ষিণ দিল্লীৰ ডি চি পিয়ে সংবাদমাধ্যমক সদৰি কৰা অনুসৰি, মালৱীয় নগৰৰ এগৰাকী ১৮বছৰীয়া বিবাহিত মহিলাক হোৱাটছ এপত ক'ল আৰু ভিডিঅ ক'ল কৰি কিছু গোপন ফটো ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছিল। যোৱা ৩০ ছেপ্তেম্বৰত মহিলাগৰাকীয়ে যুৱকজনৰ সন্দৰ্ভত থানাত অভিযোগ দাখিল কৰিছিল।
অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই অসমৰ দৰং জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে। যুৱকজনৰ নাম চন্দ্ৰনাথ আৰু বয়স হৈছে ২৪বছৰ। ৰাজনীতি বিজ্ঞানৰ স্নাতক চন্দ্ৰনাথে এখন মোবাইলৰ বিপনীত কাম কৰে বুলিও সদৰি কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে আগত যুৱকজনে নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে আন বহু ছোৱালীৰ সৈতে সম্পৰ্ক থকাৰ কথা সদৰি কৰিছে।