দিল্লীত মণিপুৰৰ যুৱতীক আক্ৰমণ

কিছুদিন পূৰ্বে নতুন দিল্লীৰ মালব্য নগৰত বৰ্ণ বৈষম্যৰ বলি হৈছিল উত্তৰ-পূবৰ কেইবাগৰাকী যুৱতী। এই ঘটনা মাৰ নৌযাওতে পুনৰ আন এক ঘটনা সংঘটিত হৈছে দিল্লীত।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ ওপৰত গ্ৰহণ কৰা নিৰাপত্তাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে। কিয়নো কিছুদিন পূৰ্বে নতুন দিল্লীৰ মালব্য নগৰত বৰ্ণ বৈষম্যৰ বলি হৈছিল উত্তৰ-পূবৰ কেইবাগৰাকী যুৱতী। এই ঘটনা মাৰ নৌযাওতে পুনৰ আন এক ঘটনা সংঘটিত হৈছে দিল্লীত।

WhatsApp Image 2026-03-09 at 17.31.38

উল্লেখ্য যে- ৰাজধানী দিল্লীত পুনৰ উত্তৰ পূবৰ যুৱতীক আক্ৰমণৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। পিছে ঘটনাৰ স্থান নতুন দিল্লীৰ ছাকেট অঞ্চল ।মণিপুৰৰ এগৰাকী যুৱতীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হয়। যুৱতীগৰাকীক উদ্দেশ্য কৰি অশালীন মন্তব্য প্ৰদান কৰিছিল। সেই অশালীন মন্তব্যৰ বিৰোধিতা কৰাৰ বাবেই যুৱতীগৰাকীক আক্ৰমণ কৰে। এই আক্ৰমণৰ পাছতে যুৱতীগৰাকী আহত হয়। লগে লগে যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে। 

আনপিনে বহিঃৰাজ্যত উত্তৰ-পূবৰ যুৱতী তথা লোকৰ সৈতে এনেধৰণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে । যাৰ ফলত উত্তৰ-পূবত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে। এক্সৰ এটা পোষ্টত তেওঁ অসম আৰু মণিপুৰৰ দুগৰাকী লোকৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

WhatsApp Image 2026-03-09 at 17.27.36

দিল্লী