New Update
/asomiyapratidin/media/media_files/2025/11/10/fffffffffff-2025-11-10-22-59-30.jpg)
- দিল্লী বোমা বিস্ফোৰণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথম প্ৰতিক্ৰিয়া।
- এক্স হেণ্ডেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- বোমা বিস্ফোৰণত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন প্ৰধানমন্ত্ৰীগৰাকীৰ।
- আহতসকলৰ আশু আৰোগ্য কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে।
- হতাহত সকলোৰে সহায় নিশ্চিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়াৰ কথাও সদৰি কৰিলে মোডীয়ে।
- ঘটনাৰ সন্দৰ্ভত প্ৰতিটো আপডেট অমিত শ্বাহৰ পৰা লৈ থকাৰ কথাও কলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- উল্লেখ কৰা প্ৰয়োজন যে, ঘটনাস্থলীত উপস্থিত হৈ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
- আহত লোকসকলৰ স্বাস্থ্যও বুজ লৈছে অমিত শ্বাহে।
- ইয়াৰ সৈতে জড়িত সকলো পক্ষকে অচিৰেই কৰায়ত্ত কৰাৰ হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।
- প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে এনেদৰে- দিল্লীত আজি সন্ধিয়াত হোৱা বিস্ফোৰণত যিসকলেই তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে, তেনে সকলোলৈ সমবেদনা। আঘাতপ্ৰাপ্তসকলে সোনকালে আৰোগ্য লাভ কৰক। প্ৰভাৱিতসকলক কর্তৃপক্ষৰ দ্বাৰা সহায় কৰা হৈছে। গৃহ মন্ত্ৰী অমিত শ্বাহ জী আৰু অন্যান্য কৰ্মকর্তাসকলৰ সৈতে পৰিস্থিতি পৰ্যালোচনা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us