/asomiyapratidin/media/media_files/2026/01/26/whatsapp-image-202-2026-01-26-14-10-56.jpeg)
ডিজিটেল ডেস্কঃ আজি ভাৰতবৰ্ষই উদযাপন কৰিলে ৭৭ সংখ্যক গণৰাজ্য দিৱস। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে ৰাজধানী দিল্লীৰ কৰ্তব্য পথত আয়োজিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই বছৰ ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ' কোষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষা উৰ্ছুলা ভন ডেৰ লেয়েনে সমাৰোহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/26/whatsapp-image-2-2026-01-26-14-07-56.jpeg)
ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম'ৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এইবাৰৰ গণৰাজ্য দিৱস বিশেষভাৱে গুৰুত্বপূৰ্ণ কাৰণ। অনন্য ৰূপত সজাই তোলা কৰ্তব্য পথত আজি সমগ্ৰ বিশ্বই ভাৰতৰ সামৰিক শক্তি আৰু সাংস্কৃতিক ঐতিহ্যৰ এক অনন্য সংগম দেখিবলৈ পায়। ৰাফেল, সুখয়, জাগুৱাৰ দৰে বিমানে আকাশত কলা-কৌশল প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ১০,০০০ বিশেষ অতিথিক এই পেৰেড চাবলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকলৈ গৈ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পাছতে তেওঁ পেৰেডৰ বাবে কৰ্তব্য পথত উপস্থিত হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, ইউৰোপীয় পৰিষদ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষসকলৰ সৈতে ‘পৰম্পৰাগত বগী’ত আহি উপস্থিত হয় কৰ্তব্য পথত। তিৰংগা উৰুৱাই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ লগতে থলুৱা ‘১০৫ mm লাইট ফিল্ড গান’ৰ জৰিয়তে ২১ জাঁই গুলীৰে সন্মান প্ৰদৰ্শন কৰা হয় । এইবাৰ পেৰেডৰ কমাণ্ড গ্ৰহণ কৰে লেফটেনেণ্ট জেনেৰেল ভৱনীশ কুমাৰে।
প্ৰণিধানযোগ্য় যে, পেৰেডত মুঠ ৩০ খন প্ৰতীকপট অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰে ১৭ খন বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰু ১৩ খন চৰকাৰী মন্ত্ৰালয় তথা বিভাগৰ। এই প্ৰতীকপট সমূহ ‘স্বতন্ত্ৰতাৰ মন্ত্ৰ: বন্দে মাতৰম’ আৰু ‘সমৃদ্ধিৰ মন্ত্ৰ: আত্মনিৰ্ভৰ ভাৰত’বিষয়ৰ আধাৰত প্ৰস্তুত কৰে। নতুন দিল্লীৰ কৰ্তব্য পথৰ পেৰেডত প্ৰদৰ্শিত হ'ল অসমৰ প্ৰতীকপট। এইবাৰ প্ৰদৰ্শিত হয় ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প।এই প্ৰতীকপটত হীৰামাটিৰে তৈয়াৰী দেৱ-দেৱীৰ মূৰ্তি, পৰম্পৰাগত সৰাই আৰু বাঁহৰ শিল্পৰ লগতে ময়ূৰপংখী নাও প্ৰদৰ্শন কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us