মৃত মহিলাৰ দেহৰ পৰা চুৰি সোণৰ অলংকাৰ

হাস্পতালখনৰ এগৰাকী মহিলাকৰ্মীয়ে মৃত মহিলাৰ পৰা দেহৰ পৰা গহনা চুৰি কৰাৰ দৃশ্য বন্দী কেমেৰাত

author-image
Asomiya Pratidin
New Update
p

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত সংঘটিত হৈছে এক অঘটন। দিল্লীৰ কৃষ্ণা নগৰস্থিত এখন ব্যক্তিগত হাস্পতালত এগৰাকী মহিলা ৰোগীৰ চিকিৎসাৰ সময়তে মৃত্যু ঘটে। তাৰ পাছতে মহিলাগৰকীৰ দেহৰ‌ পৰা চোৰে চুৰি কৰে অলংকাৰ। দিল্লীৰ গোৱেল হাস্পতালত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। 

WhatsApp Image 2025-12-02 at 10.06.43 AM

অভিযোগ অনুসৰি যোৱা ১১ নৱেম্বৰৰ পুৱা ৫ বজাত এগৰাকী মহিলাক সংকটজনক অৱস্থাত গোৱেল হাস্পতালৰ জৰুৰীকালীন কক্ষত ভৰ্তি কৰোৱা হৈছিল ।পৰিয়ালৰ ভাষ্য অনুসৰি  সেই দিনটোৰ সন্ধিয়া ৫ বাজি ৪৫ মিনিটত 
মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হোৱাত জিটিবি হাস্পতাললৈ প্ৰেৰণৰ নিৰ্দেশ দিছিল যদিও হাস্পতাললৈ নিয়াৰ সময়তেই মৃত্যু ঘটে মহিলাগৰাকীৰ।

WhatsApp Image 2025-12-02 at 10.06.43 AM

উল্লেখ্য যে, মৃতদেহটো লৈ যোৱা সময়ত পৰিয়ালৰ  লোকে মহিলাগৰাকীৰ শৰীৰত অলংকাৰ নেদেখাত হাস্পতালৰ কৰ্মচাৰীক প্ৰশ্ন কৰাত উত্তৰ নিদিয়ে হাস্পতালৰ কৰ্মচাৰীয়ে। অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে নকৰে ঘটনাৰ তদন্ত।

WhatsApp Image 2025-12-02 at 10.06.43 AM

পৰিয়ালৰ লোকে অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে কয়, এনে কামৰ বাবে পৰ্যাপ্ত সময় নাই আৰক্ষীৰ হাতত ।  কিন্তু পৰিয়ালৰ লোকে হাস্পতালৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিবলৈ দাবী জনায়। ইপিনে চিচিটিভি ফুটেজ পৰীক্ষা কৰাত  হাস্পতালখনৰ এগৰাকী মহিলাকৰ্মীয়ে গহনা চুৰি কৰাৰ কথা প্ৰকাশ পায়। এই সকলো কথা স্পষ্ট হোৱাৰ পাছত আৰক্ষীয়ে গোচৰ ৰুজু কৰে। ইফালে হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে, মহিলা কৰ্মী গৰাকীক কামৰ পৰা‌ বৰ্খাস্ত কৰা হৈছে।
এই ঘটনা এতিয়া সামাজিক মাধ্যমত বহুল ভাৱে চৰ্চিত হৈ পৰিছে।

দিল্লী দিল্লী আৰক্ষী