/asomiyapratidin/media/media_files/2026/02/25/grtyrftrtrt-2026-02-25-08-52-15.jpg)
ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ কাশ্মীৰি গেট অঞ্চলত মঙলবাৰে নিশা প্ৰায় ১০:১০ বজাত এখন গাড়ীক লক্ষ্য কৰি অজ্ঞাত দুৰ্বৃত্তই গুলীচালনা কৰে। এই ঘটনাত এজন লোক আহত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, গাড়ীখনত মুঠ পাঁচজন লোক আৰোহী আছিল। গুলীচালনাৰ পিছতে আক্ৰমণকাৰীসকল স্থান ত্যাগ কৰে।
আহত ব্যক্তিজনে নিজকে গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ লিগেল টীমৰ সদস্য বুলি দাবী কৰিছে। অৱশ্যে আৰক্ষীয়ে এতিয়াও এই দাবীৰ আনুষ্ঠানিক নিশ্চিতকৰণ কৰা নাই। ঘটনাৰ সময়ত গাড়ীখনত থকা আন চাৰিজন লোক নিৰাপদে আছে। আহত লোকজনক তত্ক্ষণাত ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁৰ অৱস্থা স্থিৰ বুলি জানিব পৰা গৈছে।
দিল্লী আৰক্ষীৰ ডিচিপি ঘটনাস্থলীত উপস্থিত হৈ সংবাদমাধ্যমৰ আগত সদৰী কৰে যে, “নিশা প্ৰায় ১০:১০ বজাত কাশ্মীৰী গেটৰ সমীপত এখন গাড়ীৰ ওপৰত গুলীচালনাৰ খবৰ পোৱা যায়। ঘটনাস্থলীত উপস্থিত হৈ দেখিলো, গাড়ীখনত চাৰি পৰা পাঁচ ৰাউণ্ড গুলী চলোৱা হৈছে। এজন লোক আহত হৈছে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমাৰ দলে তদন্ত আৰম্ভ কৰিছে।”
আৰক্ষীয়ে জনোৱা মতে, চিচিটিভি ফুটেজ, সাক্ষীৰ বক্তব্য আৰু আন প্ৰযুক্তিগত প্ৰমাণৰ আধাৰত আক্ৰমণকাৰীসকলৰ চিনাক্তকৰণৰ চেষ্টা চলি আছে। চাৰিওফালে নাকাবন্দী কৰি সন্দেহজনক লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে। আৰক্ষীৰ মতে, আক্ৰমণৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us