অসম চৰকাৰৰ সাংবাদিক বিৰোধী নীতিৰ বিৰুদ্ধে দিল্লীত সাংবাদিকৰ প্ৰতিবাদ

বুধবাৰে নতুন দিল্লীৰ কেৰেলা হউচৰ সন্মুখত "দিল্লী জাৰ্নেলিষ্ট ইউনিয়ন" আৰু "কেৰালা ইউনিয়ন অফ ৱৰ্কিং জাৰ্নেলিষ্টৰ" সদস্যসকলে অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Tushar Pratim
New Update
অসম চৰকাৰৰ সাংবাদিক বিৰোধী নীতিৰ বিৰুদ্ধে দিল্লীত সাংবাদিকৰ প্ৰতিবাদ

ডিজিটেল সংবাদ দিল্লীঃ বুধবাৰে নতুন দিল্লীৰ কেৰেলা হউচৰ সন্মুখত "দিল্লী জাৰ্নেলিষ্ট ইউনিয়ন" আৰু "কেৰালা ইউনিয়ন অফ ৱৰ্কিং জাৰ্নেলিষ্টৰ" সদস্যসকলে অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সাংবাদিকসকলে অসম চৰকাৰে গ্ৰহণ কৰা সাংবাদিক বিৰোধী নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ। 

Advertisment

উল্লেখ্য যে, অসম চৰকাৰে জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ ৱৰদাৰাজন, কৰণ থাপৰ আৰু অভিসাৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। তিনিওগৰাকী জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই সাংবাদিক সংগঠন দুটাই আজি কেৰেলা হাউচৰ পৰা যন্তৰ মন্তৰলৈ এক প্ৰতিবাদী সমদলৰ আয়োজন কৰিছিল। 

পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই আজি সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে যদিও তেওঁলোকক অসম হাউচৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ অনুমতি প্ৰদান নকৰিলে দিল্লী আৰক্ষীয়ে। সেয়ে কেৰেলা কেৰেলা হউচৰ সন্মুখত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকসকলে অসম চৰকাৰে সাংবাদিকৰ কণ্ঠ ৰোধ কৰিবলৈ চলোৱা অপচেষ্টাৰ বিৰোধিতা কৰে। 

প্ৰতিবাদৰ সময়ছোৱাত জ্যেষ্ঠ সাংবাদিক সংগীতা বৰা পিছাৰ’তি, দিল্লী জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সুজাতা মাথুৰে অসম চৰকাৰৰ সাংবাদিক বিৰোধী নীতিৰো তীব্ৰ সমালোচনা কৰে। 

দিল্লী সাংবাদিক