ডিজিটেল ডেস্কঃ কোৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে অধিক চিন্তিত হৈছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে ইখনৰ পাছত সিখন হাস্পতালত গৈ চিকিতসকসকলৰ সৈতে কোভিড পৰিস্থিতি বুজ লৈছে।
শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে পি পি ই কিট পিন্ধি দিল্লীৰ এইমছৰ কোৰোনা ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লয়। কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক।
উল্লেখ্য যে, বিগত ২৪ঘন্টাত ভাৰতত ২লক্ষাধিকৰো অধিক ব্যক্তিৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।