/asomiyapratidin/media/media_files/2025/10/23/fewfefe-2025-10-23-09-21-41.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ সংঘটিত হৈছে আৰক্ষীৰ এনকাউণ্টাৰ। দিল্লী আৰু বিহাৰ আৰক্ষীৰ গুলীত নিহত হয় ৪টা দুৰ্ধৰ্ষ অপৰাধী। এই এনকাউণ্টাৰত নিহত হয় ম’ষ্ট ৱাণ্টেড অপৰাধী ৰঞ্জন পাঠক নিহত।
আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, দিল্লী আৰক্ষীৰ অপৰাধ শাখা আৰু বিহাৰ আৰক্ষীৰ যৌথ অভিযানত দিল্লীৰ ৰোহিনীত সংঘটিত হোৱা এনকাউণ্টাৰত বিহাৰৰ চাৰিটা মষ্ট ৱাণ্টেড গেংষ্টাৰ নিহত হৈছে। পুৱা ২.২০ বজাত চাৰি অভিযুক্ত আৰু দিল্লী আৰক্ষী অপৰাধ শাখা আৰু বিহাৰ আৰক্ষীৰ যুটীয়া দলৰ মাজত গুলীচালনা সংঘটিত হোৱা এক্সত থকা ঠাইখনৰ ভিজুৱেল দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।এই এনকাউণ্টাৰত নিহত হয় ৰঞ্জন পাঠক (২৫), বিমলেশ মাহাটো (২৫), মনীষ পাঠক (৩৩), আৰু অমন ঠাকুৰ (২১) আটাইকেইজন বিহাৰৰ। ৰঞ্জন পাঠক, বিমলেশ মহতো, আৰু মনীষ পাঠক বিহাৰৰ সীতামড়ীৰ বাসিন্দা আছিল আৰু অমন ঠাকুৰ আছিল দিল্লীৰ কৰৱাল নগৰৰ।
জানিব পৰা মতে, বিহাৰৰ কুখ্যাত ৰঞ্জন পাঠক গেঙৰ চাৰিজন সদস্যক ৰোহিনীত বিহাৰ আৰক্ষীৰ সৈতে হোৱা মুখামুখিৰ সময়ত দিল্লী আৰক্ষীৰ অপৰাধ শাখাই গুলীয়াই হত্যা কৰে। আগন্তুক বিহাৰ বিধানসভা নির্বাচনৰ পূর্বে এক বৃহৎ অপৰাধমূলক অভিযানৰ পৰিকল্পনা কৰিছিল গেং সদস্যসকলে৷ মৃত চাৰিওজন অপৰাধীৰ বিৰুদ্ধে বিহাৰত হত্যা আৰু অস্ত্ৰধাৰী ডকাইতিকে ধৰি কেইবাটাও গোচৰ ৰুজু আছিল।
ডিচিপি ক্ৰাইম ব্ৰাঞ্চ সঞ্জীৱ যাদৱে সদৰী কৰা অনুসৰি, দিল্লী আৰক্ষীৰ অপৰাধ শাখা আৰু বিহাৰ আৰক্ষীৰ যৌথ দলে অঞ্চলটোত ফান্দ পাতিছিল। আৰক্ষীৰ দলটোৱে যেতিয়া সন্দেহজনক লোকক বাধা দিবলৈ চেষ্টা কৰে তেতিয়া ৪ অপৰাধীয়ে গুলীচালনা কৰে। যাৰবাবে আৰক্ষীয়েও হাতত তুলি লয় বন্দুক। এই গুলিচালনাত চাৰিওজন অভিযুক্তই আঘাতপ্ৰাপ্ত হয়। তেওঁলোকক ততাতৈয়াকৈ ৰোহিনীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।