/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-01-20-13-02-39.jpeg)
ডিজিটেল ডেস্কঃ সুৰাপায়ীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। দেশৰ ৰাজধানী দিল্লীত আৰোপ কৰা হৈছে এই কঠোৰ নিৰ্দেশনা। দিল্লী চৰকাৰৰ আবকাৰী বিভাগে ৰাজধানীত পাঁচ দিন ড্ৰাই ডে' হিচাপে ঘোষণা কৰিছে।
উল্লেখ্য যে, আবকাৰী বিভাগে জাৰি কৰা চৰকাৰী জাননী অনুসৰি, চহৰখনত আইন-শৃংখলা বৰ্তাই ৰখা, ধৰ্মীয় অনুভূতিৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু ৰাষ্ট্ৰীয় উৎসৱৰ মৰ্যাদা ৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-01-20-12-58-16.jpeg)
অহা ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ বাবে সুৰা বিক্ৰীত নিষেধাজ্ঞা থাকিব। একেদৰে ১৫ ফেব্ৰুৱাৰীত মহা শিৱৰাত্ৰিৰ বাবে, ২১ মাৰ্চত ঈদ-উল-ফিটৰৰ বাবে, ২৬ মাৰ্চত ৰাম নৱমীৰ বাবে আৰু ৩১ মাৰ্চত মহাবীৰ জয়ন্তীৰ বাবে দিল্লীত ড্ৰাই ডে' থাকিব। এই ৫ দিনত দিল্লীৰ সকলো সুৰাৰ দোকান সম্পূৰ্ণৰূপে বন্ধ থকাৰ লগতে ক্লাব, বাৰ আৰু ৰেষ্টুৰেণ্টত সুৰা পৰিৱেশন কৰিব নোৱাৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-im-2026-01-20-12-58-42.jpeg)
প্ৰণিধানযোগ্য যে, চৰকাৰী নিৰ্দেশনা উলংঘা কৰি সুৰা বিক্ৰী কৰিলে সংশ্লিষ্ট বিক্ৰেতাৰ বিৰুদ্ধে আবকাৰী আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে লাইচেন্স বাতিল কৰিব আৰু বৃহৎ পৰিমাণৰ জৰিমনা বিহিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsa-2026-01-20-13-00-20.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us