নেচনেল হেৰাল্ড কেলেংকাৰীৰ গোচৰত বৃহৎ সকাহ লাভ ৰাহুল-ছোনিয়াৰ

ব্যক্তিগত অভিযোগৰ ওপৰত ভিত্তি কৰি কৰাৰ লগতে ইডি গোচৰটো বিচাৰ ক্ষমতাহীন বুলিও উল্লেখ কৰে। ইপিনে কংগ্ৰেছে আদালতৰ এই সিদ্ধান্তক "সত্যৰ জয়" বুলি অভিহিত কৰিছে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বৃহৎ সকাহ লাভ কৰিছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ লগতে ৰাহুল গান্ধীয়ে। নেচনেল হেৰাল্ডৰ কেলেংৰাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰৱৰ্তক সঞ্চালকালয়ে দাখিল কৰা অভিযোগনামাৰ সন্দৰ্ভত গুৰুত্ব দিবলৈ মঙলবাৰে অস্বীকাৰ কৰিছে দিল্লীৰ ৰাউজ এভিনিউ আদালতে।

Relief for Sonia, Rahul Gandhi as Delhi ...

ইপিনে বলবৎকাৰী সঞ্চালকালয়ৰ তদন্ত কোনো এফআইআৰৰ ওপৰত নহয়, ব্যক্তিগত অভিযোগৰ ওপৰত ভিত্তি কৰি কৰাৰ লগতে এই  ইডি গোচৰটো বিচাৰ ক্ষমতাহীন বুলিও উল্লেখ কৰে। ইপিনে কংগ্ৰেছে আদালতৰ এই সিদ্ধান্তক "সত্যৰ জয়" বুলি অভিহিত কৰিছে। 

What Is The National Herald Case And How Rahul And Sonia Gandhi Are  Involved? | Explainers News - News18

উল্লেখ্য যে, নেচনেল হেৰাল্ড গোচৰৰ আৰম্ভণি হৈছিল ২০১২ চনত বিজেপি নেতা সুব্ৰমণিয়ান স্বামীৰ অভিযোগৰ পৰা। এইটো নেশ্যনেল হেৰাল্ড কাকত চলোৱা কোম্পানী এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডৰ সৈতে জড়িত।ইডিয়ে অভিযোগ কৰিছিল যে, এই অধিগ্রহণৰ জৰিয়তে ২,০০০ কোটি টকাতকৈ অধিক মূল্যৰ AJLৰ সম্পত্তি মাত্ৰ ৫০ লাখ টকাৰ বিনিময়ত অধিগ্ৰহণ কৰা হৈছিল, যিটো ধন ৰপ্তানি আৰু অন্যায়ভাৱে সম্পত্তি আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ  আছিল।

15211803dcbaa22

নেচনেল হেৰাল্ড