/asomiyapratidin/media/media_files/2025/11/10/ujjjd-2025-11-10-23-17-50.jpg)
ডিজিটেল ডেস্কঃ দিল্লী বোমা বিস্ফোৰণৰ আঁৰত কোন জড়িত হৈ আছে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও এই বিস্ফোৰণত এখন আই -২০বাহন ব্যৱহাৰ হোৱাৰ তথ্য সদৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দিল্লী আৰক্ষীৰ আয়ুক্তয়েও এই তথ্য সদৰি কৰিছে সংবাদ মাধ্যমত। ইতিমধ্যে এই বাহনখনৰ মালিকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে।
গাড়ীখনৰ মালিকক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে আন এক তথ্য। গাড়ীখন কিছুদিনৰ পূৰ্বে বিক্ৰী কৰিছিল আন এগৰাকী ব্যক্তিক। এই কথা গাড়ীখনৰ পূৰ্বৰ মালিক হাৰিয়ানাৰ চলমান নামৰ লোকজনে আৰক্ষীক জনাইছে। লোকজনক আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে।
দিল্লী আৰক্ষীয়ে হাৰিয়ানাৰ পৰিবহন বিভাগৰ সৈতে যোগাযোগ কৰি গাড়ীখন কাক বিক্ৰী কৰা হৈছিল তাৰ তথ্য বিচাৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, সোমবাৰে সন্ধিয়া প্ৰায় ৬.৫২মিনিটত এই গাড়ীখন উক্ত স্থানত ৰোৱাৰ পিছতে ৬.৫৫বজাত সংঘটিত হৈছিল বোমা বিস্ফোৰণ।
দিল্লী আৰক্ষী আয়ুক্তই চি চি টিভি ফুটেজ পৰিদৰ্শন কৰি এই তথ্য লাভ কৰা বুলি সংবাদ মাধ্যমত সদৰি কৰিছে। ঘটনাৰ সন্দৰ্ভত এছ এন জিৰ লগতে অন্যন্য এজেঞ্চীয়ে অব্যাহত ৰাখিছে তদন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us