দিল্লীৰ বোমা বিস্ফোৰণক লৈ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া...

দিল্লীৰ বোমা বিস্ফোৰণক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দিল্লীৰ ঘটনা অতিকে বেদনাদায়ক আৰু চিন্তাজনক বুলি দুখ প্ৰকাশ কৰে বিৰোধী নেতাগৰাকীয়ে। এক্স পোষ্টত তেওঁ লিখে যে,

author-image
Asomiya Pratidin
New Update
DDDDDDDDZAsfASF

ডিজিটেল ডেস্কঃ দিল্লীৰ বোমা বিস্ফোৰণক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দিল্লীৰ ঘটনা অতিকে বেদনাদায়ক আৰু চিন্তাজনক বুলি দুখ প্ৰকাশ কৰে বিৰোধী নেতাগৰাকীয়ে। এক্স পোষ্টত তেওঁ লিখে যে, দিল্লীৰ লাল কিল্লা মেট্ৰ’ ষ্টেচনৰ কাষত হোৱা গাড়ী বিস্ফোৰণৰ খবৰ অত্যন্ত দুখজনক আৰু চিন্তাজনক। এই দুখজনক দুৰ্ঘটনাত বহু নিৰ্দোষী ব্যক্তিৰ মৃত্যুৰ খবৰ অত্যন্ত দুখজনক।

তেওঁ লগতে লিখে- এই দুখৰ সময়তে প্ৰিয়জনক হেৰুওৱা শোকগ্ৰস্ত পৰিয়ালৰ সৈতে আছো আৰু তেওঁলোকৰ প্ৰতি নিজৰ গভীৰ সহানুভূতি প্ৰকাশ কৰিছো। সকলো আহতৰ শীঘ্ৰে আৰোগ্য লাভৰ আশা কৰিলো" 

উল্লেখ কৰা প্ৰয়োজন যে,  এই বোমা বিস্ফোৰণত এতিয়ালৈকে ১০গৰাকীকৈ লোক নিহত হৈছে। আহত ২৫গৰাকীৰো অধিক লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি সদৰি কৰিছে প্ৰশাসনে। হতাহত হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

দিল্লী