দিল্লীৰ বিস্ফোৰণঃ বোমা কঢ়িয়াই অনা বাহনৰ চালক আছিল এগৰাকী চিকিৎসক...

দিল্লী বোমা বিস্ফোৰণক লৈ তদন্ত যিমানেই আগবাঢ়িছে সিমানেই ন ন তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে অঞ্চলটোৰ সকলো চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰিছে। চি চি টিভি ফুটেজৰ পৰা আৰক্ষীয়ে লাভ কৰিছে

author-image
Asomiya Pratidin
New Update
yujjj

ডিজিটেল ডেস্কঃ দিল্লী বোমা বিস্ফোৰণক লৈ তদন্ত যিমানেই আগবাঢ়িছে সিমানেই ন ন তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে অঞ্চলটোৰ সকলো চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰিছে। চি চি টিভি ফুটেজৰ পৰা আৰক্ষীয়ে লাভ কৰিছে বিস্ফোৰক তথ্য।  চি চি টিভিৰ ফুটেজত ধৰা পৰিছে যে, বিস্ফোৰক কঢ়িয়াই অনা উক্ত বাহনখনৰ চালক হিচাপে আছিল এগৰাকী চিকিতসক।

দিল্লীত বোমা বিস্ফোৰণৰ কিছু সময়ৰ পূৰ্বে অন্য এক স্থানত উক্ত আই ২০ গাড়ীখনৰ চালকৰ আসনত আছিল কাশ্মীৰৰ চিকিতসকল ড০ ওমৰ নবী। ফৰিদাবাদত বাস কৰা এই চিকিতসা মহাবিদ্যালয়ৰ অধ্যাপকগৰাকী এতিয়া জীৱিত নে মৃত তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। কিয়নো আৰক্ষীয়ে সদৰি কৰিছে যে, উক্ত বাহনখনত থকা লোককেইজনৰ ইতিমধ্যে মৃত্যু হৈছে।

ইফালে দেওবাৰে দিনৰ ভাগত ফৰিদাবাদৰে মোজাম্মিল নামৰ এজন লোকৰ ঘৰত উদ্ধাৰ হৈছিল ২৫৬৩কিলোগ্ৰাম বিস্ফোৰক। এই বিস্ফোৰকৰ সৈতে ধৰা পৰিছিল ডাঃ আদিল নামৰ চিকিতসকগৰাকী। এতিয়া আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ সৈতে যোগসূত্ৰ বিচাৰি পাইছে। আৰু তেনেদৰেই আগবাঢ়িছে তদন্ত। 

দিল্লী