/asomiyapratidin/media/media_files/2025/11/11/mmm-2025-11-11-13-02-34.jpg)
ডিজিটেল ডেস্কঃ শৰ্মাৰ লগতে বহু কেইজন মন্ত্ৰীয়ে দুখ প্ৰকাশ কৰে।
ইয়াৰোপৰিও এছ.জয়শংকৰে এক্সৰ জৰিয়তে কয় যে- দিল্লীত হোৱা বোমা বিস্ফোৰণৰ ঘটনাক লৈ মই বহুত দুখ প্ৰকাশ কৰিছো। মৃত্যু হোৱা পৰিয়াললৈ মই অতিমাত্ৰ দুখ পাইছো। লগতে আঘাতপ্ৰাপ্ত হোৱা লোকসকলে যাতে শুনকালে সুস্থ হৈ তাৰে কামনা কৰিলো।
ইয়াৰে লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বোমা বিস্ফোৰণৰ ঘটনাটোক লৈ এক্সযোগে কয় যে- ঘটনাটোক লৈ মই বহুত দুঃখিত। মৃত্যু হোৱা লোকসকলৰ বাবে মই বহুত দুঃখিত। যিসকল লোকে এতিয়াও আঘাত প্ৰাপ্ত অৱস্থাত আছে তেওঁলোকে যাতে অতিসোনকালে সুস্থ হৈ উঠে।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক্সযোগে কয় যে- নতুন দিল্লীত হোৱা ঘটনাটো লৈ মই এতিয়াও আচৰিত হৈ আছো।যিসকল লোক এতিয়াও আঘাত অৱস্থাত আছে তেওঁলোকে অতি সোনকালে যাতে আৰোগ্য হৈ উঠৈ তাৰে কামনা কৰিলো মই
আনহাতে ইয়াৰ লগতে কলকাতাৰ আৰক্ষী আয়ুক্ত মনোজ বৰ্মাই কয় যে-কলকাতাত এতিয়াও হাই এলাৰ্ট জাৰি কৰা হৈছে।সকলো লোকৰ সুৰক্ষাৰ হকে সকলো পুলিচক সাজু হৈ থাকিবলৈ আহ্বান।যাতে এনে ঘটনা আৰু নহয় সকলো সাজু হৈ থাকিব।
ইয়াৰে পিছতেই তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এক্সৰ জৰিয়তেই এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে।তেওঁ এক্সযোগে কয় যে-এই ঘটনা অতি মৰ্মাতিক।নিৰ্দোষী সকল মৃত্যু হোৱা দেখি মই অতি দুঃখিত।আঘাত হোৱা লোকসকলো যাতে অতি সোনকালে যাতে শুষ্ট হৈ উঠে তাৰে কামনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us