আত্মঘাতী বোমা! বিস্ফোৰক কঢ়িয়াই অনা বাহনখনৰ ভিতৰতো চিন্ন ভিন্ন অংগ উদ্ধাৰ...

দিল্লী বোমা বিস্ফোৰণত এতিয়ালৈকে ১৩গৰাকী লোকৰ মৃত্যু হোৱা তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। বোমা বিস্ফোৰণৰ ফলত থিতাতে নিহত হোৱা ৬গৰাকী লোকৰ পৰিচয় উদ্ধাৰ কৰিছে দিল্লী আৰক্ষীয়ে। চিন্ন-ভিন্ন

author-image
Asomiya Pratidin
New Update
diiidk

ডিজিটেল ডেস্কঃ দিল্লী বোমা বিস্ফোৰণত এতিয়ালৈকে ১৩গৰাকী লোকৰ মৃত্যু হোৱা তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। বোমা বিস্ফোৰণৰ ফলত থিতাতে নিহত হোৱা ৬গৰাকী লোকৰ পৰিচয় উদ্ধাৰ কৰিছে দিল্লী আৰক্ষীয়ে। চিন্ন-ভিন্ন হৈ যোৱা এই মৃতদেহ কেইটাৰ পৰিচয়ৰ সন্দৰ্ভত সকলো তথ্য অচিৰেই ৰাজহুৱা কৰাৰ সদৰী কৰিছে দিল্লী আৰক্ষীয়ে।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, চিন্ন ভিন্ন হৈ যোৱা আৰু দুটা মৃতদেহৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা নাই দিল্লী আৰক্ষীয়ে। ইফালে আৰক্ষীয়ে জনোৱা মতে, বিস্ফোৰক কঢ়িয়াই অনা বাহনখন কেইবাজনো লোক উপস্থিত থকাৰ তথ্য লাভ কৰিছে। উক্ত বাহনখনৰ ভিতৰতো মানৱ দেহৰ চিন্ন ভিন্ন অংগ উদ্ধাৰ কৰাৰ কথা সদৰি কৰিছে আৰক্ষীয়ে।

এই দিশলৈ চাই প্ৰাৰম্ভিক পৰ্যায়ত এয়া এক আত্মঘাটি বোমা আছিল বুলিয়ে সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। জম্মু-কাশ্মীৰৰ পৰা ৩গৰাকীকৈ লোকক নিশাই আটক কৰিছে আৰক্ষীয়ে। 

 

দিল্লী