/asomiyapratidin/media/media_files/2025/11/11/delhi-blust-2025-11-11-13-33-12.jpeg)
ডিজিটেল ডেস্কঃ দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ ইটোৰ পিছত সিটোকৈ তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ সূত্ৰে প্ৰকাশিত তথ্য অনুসৰি, বোমা বিস্ফোৰণত ব্যৱহাৰ হৈছিল এম’নিয়াম নাইট্ৰেট। ফৰেনচিকৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে এই তথ্য। ইয়াৰ সমান্তৰালকৈ বিস্ফোৰণত তৈলজাত ইন্ধন আৰু ডিট’নেটৰো ব্যৱহাৰ কৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলে।
বিস্ফোৰণস্থলীৰ পৰা সংগ্ৰহ কৰা নুমনাত এই তথ্য প্ৰমাণিত হৈছে। হাৰিয়ানাৰ ফৰিদাবাদৰ দুটা আৱাসিক অট্টালিকাৰ পৰা জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰায় ৩ হাজাৰ কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ কৰাৰ কিছু ঘণ্টাৰ পাছতে এই বিস্ফোৰণ সংঘটিত হৈছিল। এই সামগ্ৰীসমূৰ ভিতৰত ৩৫০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
উল্লেখ্য যে, এমোনিয়াম নাইট্ৰেট সাধাৰণতে এবিধ সাৰ,যাৰ জডিয়তে ধ্বংসাত্মক বোমাও প্ৰস্তুত কৰা হয়। আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত জম্মু-কাশ্মীৰৰ চিকিৎসক আদিল ৰাথেৰক গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্ত আদিলৰ ভাষ্যৰ ভিত্তিতে আৰক্ষীয়ে এই বিস্ফোৰকখিনি জব্দ কৰে।
আনহাতে, দিল্লী বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত ৪ জনক লোকক আটক কৰিছে আৰক্ষীয়ে। দৰিয়াগঞ্জ, পাহাৰগঞ্জৰ বিভিন্ন হোটেলত অভিযান চলাই আৰক্ষীয়ে আটক কৰে ৮ জনকৈ লোকক। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লালকিল্লাৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণৰ আঁৰৰ অভিযুক্তক ৰেহাই দিয়া নহব বুলি ইতিমধ্যে সামাজিক মাধ্যমৰ জড়িয়তে প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us