পোহৰলৈ আহিছে দিল্লী বোমা বিস্ফোৰণৰ নতুন চিচিটিভি ফুটেজ

দিল্লী বিস্ফোৰণৰ সেই  শিহৰণকাৰী ভিডিঅ' চৰ্চাত। দিল্লী বোমা বিস্ফোৰণৰ  মৃতকৰ সংখ্যা বৃদ্ধি।আহত বিলাল হাছানৰ মৃত্যু। ICUত চিকিৎসাধীন অৱস্থাত মৃত্যু বিলাল হাছানৰ। পুৱাই LNJP হাস্পতালত  মৃত্যু হয় লোকজনৰ।

author-image
Asomiya Pratidin
New Update
new ap web 5 (18)

ডিজিটেল ডেস্কঃ দিল্লী বিস্ফোৰণৰ সেই  শিহৰণকাৰী ভিডিঅ' চৰ্চাত। দিল্লী বোমা বিস্ফোৰণৰ  মৃতকৰ সংখ্যা বৃদ্ধি।আহত বিলাল হাছানৰ মৃত্যু। ICUত চিকিৎসাধীন অৱস্থাত মৃত্যু বিলাল হাছানৰ। পুৱাই LNJP হাস্পতালত  মৃত্যু হয় লোকজনৰ। 

উল্লেখ্য যে, ভিডিঅ'ত দেখা পোৱা মতে যি সময়ত ৰেড ফ’ৰ্ট মেট্ৰ’ষ্টেচনৰ সমীপৰ নেতাজী সুভাষ মাৰ্গত ট্ৰেফিক চিগনেলত গাড়ী আৰু অটোৰ দীঘলীয়া শাৰী আছিল সেই সময়তে এই বিস্ফোৰণৰটো সংঘটিত হৈছিল।অতি কম সময়ৰ ভিতৰতে বাহনবোৰ টুকুৰা টুকুৰকৈ হৈ উৰি পৰিছিল।

উল্লেখ্য যে, সোমবাৰে লালকিল্লাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ নতুন চিচিটিভি ফুটেজ পোহৰলৈ আহিছে। এই ফুটেজটো চাই বিস্ফোৰণৰ পৰিমাণৰ ধাৰণা পোৱা গৈছে।আনপিনে এই ফুটেজত দেখা গৈছে যে যি সময়ত ৰেড ফ’ৰ্ট মেট্ৰ’ষ্টেচনৰ সমীপৰ নেতাজী সুভাষ মাৰ্গত ট্ৰেফিক চিগনেলত গাড়ী আৰু অটোৰ দীঘলীয়া শাৰী ৰাখিছিল সেই সময়তে বৃহৎ বিস্ফোৰণটো সংঘটিত হয়।

আনফালে, ৰেড লাইট পইণ্টত সংঘটিত হৈছিল এই বিস্ফোৰণ। তাত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছে এই ভয়ংকৰ দৃশ্য। 

বিস্ফোৰণৰ লগে লগে সেই স্থানত অতি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰোপৰি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত নিৰাপত্তা সমিতিৰ বৈঠকত এই বিস্ফোৰণক সন্ত্ৰাসবাদী ঘটনা বুলি অভিহিত কৰা হৈছিল। 

আনফালে সোমবাৰে সন্ধিয়া বিস্ফোৰণৰ তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, ২০২১ চনত তুৰস্ক ভ্ৰমণৰ সময়ত উমৰ আৰু আন এজন গুৰুত্বপূৰ্ণ সন্দেহযুক্ত ড০ মুজাম্মিল গনাইয়ে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদ (জেএম)ৰ এজন ‘অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ’ক লগ পাইছিল। তদন্তকাৰী বিষয়াসকলৰ মতে, মুজাম্মিলৰ মোবাইল ফোন ডাটা বিশ্লেষণত বহু তথ্য লাভ কৰিছে। লগতে এল এন জে পি হাস্পতালত লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণত আহত হোৱা লোকসকলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰিছিল যে দোষীয়ে শাস্তি পাব লাগিব। 

তাৰোপৰি তদন্তকাৰী বিষয়াসকলে কয় যে  ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ দৰেই আক্ৰমণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীয়ে। তদন্তত এই কথাও পোহৰলৈ আহিছে যে সন্ত্ৰাসবাদীয়ে দীপাৱলীৰ সময়ত জনবহুল অঞ্চলক লক্ষ্য কৰি লোৱাৰ উদ্দেশ্য আছিল যদিও সেয়া কৰিবলৈ সক্ষম হোৱা নাছিল। আনফালে দিল্লীত সংঘটিত হোৱা লালকিল্লা বিস্ফোৰণৰ পাছত চোৰাংচোৱাগিৰিৰ আওতালৈ অহা ফৰিদাবাদৰ আল ফালাহ বিশ্ববিদ্যালয়ে বুধবাৰে কয় এই ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা চিকিৎসক দুজনৰ সৈতে তেওঁলোকৰ কেৱল পেছাদাৰী সম্পৰ্ক আছে আৰু এই দুৰ্ভাগ্যজনক ঘটনাৰ কোনো পক্ষ নহয়।

উল্লেখ্য যে লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত নিৰাপত্তা বৃদ্ধি কৰিছে। বিষয়াসকলে নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু যিকোনো সন্দেহজনক বস্তু বা কাৰ্যকলাপৰ বিষয়ে তৎক্ষণাত আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায়।সংসদ কমপ্লেক্স, কন’ট প্লেচ, ৰে’ল ষ্টেচনৰ দৰে স্পৰ্শকাতৰ স্থান সমূহৰ  আশে-পাশে এনে ঘোষণা কৰিছে।

দিল্লী আৰক্ষী দিল্লী