/asomiyapratidin/media/media_files/2025/11/13/delhi-blust-update-new-2025-11-13-11-38-52.jpg)
ডিজিটেল ডেস্কঃ নিতৌ ন ন তথ্য প্ৰকাশ পাইছে দিল্লী বিস্ফোৰণ কাণ্ডৰ । লালকিল্লা বিস্ফোৰণ সংঘটিত কৰা অভিযুক্ত ডাঃ উমৰ মহম্মদক মছজিদৰ সমীপৰ আছাফ আলী ৰোডৰ পৰা প্ৰায় ২:৩০ বজাত চিচিটিভি ফুটেজত দেখা গৈছিল কুটাঘাতক উমৰক মাস্কক । য'ত কুটাঘাত সংঘটিত হোৱাৰ পূৰ্বে মুকলিমুৰীয়াকৈ ঘূৰি ফুৰিছিল তেওঁ ।
উল্লেখ্য যে, বিস্ফোৰণৰ পূৰ্বে পুৰণি দিল্লীৰ ফৈজ-ই-ইলাহী মছজিদত প্ৰায় ১০ মিনিট সময় অতিবাহিত কৰিছিল উমৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল, আলফালা বিশ্ববিদ্যালয়ৰ চৌহদত বৃহৎ তথ্য লাভ কৰিছে তদন্তকাৰী দলে। বিশ্ববিদ্যালয়খনৰ ১৭ নং বিল্ডিং অৰ্থ্যাৎ বইজ হোষ্টেলত সন্ত্ৰাসবাদীৰ মিটিং পইণ্টৰূপে চিনাক্ত কৰিছে।
আনপিনে অভিযোগ উত্থাপন কৰিছে যে কেইবাটাও স্থানত বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰ কৰাৰ কথা। তাৰোপৰি বইজ হোষ্টেলৰ কোঠাতো পুলৱামাৰ চিকিৎসক মুজাম্মিল আহমেদৰ বুলিও জানিব পৰা গৈছে। য’ত তেওঁ আন সন্ত্ৰাসবাদী চিকিৎসকৰ সৈতে আলোচনাত মিলিত হৈছিল। তদন্তত বিশ্ববিদ্যালয়ৰ লেবৰ পৰা কোঠালৈ কিছু ৰাসায়নিক পদাৰ্থ-সঁজুলি কঢ়িয়াই নিয়াৰ কথাও পোহৰলৈ আহিছে।
আনফালে,আলফালা বিশ্ববিদ্যালয়ৰ ১৭ নং বিল্ডিঙৰ বইজ হোষ্টেলৰ সেই কোঠাতে সিদ্ধান্ত লোৱা হৈছিল যে, কেনেকৈ কেমিকেলবোৰ লেবৰ পৰা উলিয়াই নি মুজাম্মিলৰ কোঠালৈ ডেলিভাৰী দিব লাগিব। এক বৃহৎ ষড়যন্ত্ৰ ৰচা পৰিলক্ষিত হৈছিল কুটাঘাতক উমৰক মাস্কে।
এক কথাত ক'বলৈ গ'লে বহু সামগ্ৰী যেনে- পেন ড্ৰাইভ জব্দ কৰাৰ লগতে ফৰেনছিক দলে আলফালা বিশ্ববিদ্যালয়ৰ ১৭ নং বিল্ডিঙৰ ১৩ নং কোঠাৰ আৰু লেবৰ পৰা ৰাসায়নিক পদাৰ্থও জব্দ কৰিছে। তাৰোপৰি এই ৰাসায়নিক পদাৰ্থৰ পৰা কম পৰিমাণৰ এমোনিয়াম নাইট্ৰেট আৰু অক্সাইড মিহলাই বিস্ফোৰক প্ৰস্তুত কৰিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us