/asomiyapratidin/media/media_files/2025/11/12/delhi-2025-11-12-11-21-02.jpg)
ডিজিটেল সংবাদঃ দিল্লী বিস্ফোৰণৰ গোচৰৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে এন আই এয়ে । তদন্তত প্ৰতিদিনে লাভ কৰিছে ন ন তথ্য। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে হাৰিয়ানাৰ ফৰিদাবাদৰ ডাঃ মুজাম্মিলৰ ফোন লাভ কৰাৰ পিছত তদন্তত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। প্ৰাপ্ত তথ্য অনুসৰি পূৰ্বৰে পৰা পৰিকল্পনা আছিল দিল্লী বিস্ফোৰণৰ । ২৬ জানুৱাৰী আৰু দীপাৱলীত লালকিল্লাত বিস্ফোৰণ কৰাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে ।
উল্লেখ্য যে,জেৰাৰ সময়ত ডাঃমুজাম্মিল আৰু ডাঃ উমৰে ​​লালকিল্লাৰ ৰেচ পৰিচালনা কৰা বুলি জানিব দিছে। লগতে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত লালকিল্লাৰ এটা ৰেচ অনুষ্ঠিত কৰাৰ কথাও চলিছিল।কিয়নো এনে অনুষ্ঠান সমূহত আটাতকৈ ভিৰ হোৱা দেখা যায়। তেওঁলোকৰ এক প্ৰকাৰ টাৰ্গেট আছিল লালকিল্লা ।
তদন্তকাৰী সংস্থাটোৰ তদন্তই নিশ্চিত কৰিছে যে এই দুটা গুৰুত্বপূৰ্ণ দিনত লালকিল্লাক লক্ষ্য কৰি লোৱাতো তেওঁলোকৰ পৰিকল্পনাৰ অন্যতম অংশ আছিল। তেওঁলোকৰ উদ্দেশ্য আছিল এনে এটা সময় বাছি লোৱা, য’ত আটাইতকৈ বেছি ভিৰ হয়। সেয়ে এই দুটা দিন নিৰ্ধাৰিত কৰি লৈছিল।
আনফালে,দিল্লী বিস্ফোৰণৰ সম্পৰ্ক কেৱল ফৰিদাবাদৰ সৈতে নহয়, হাৰিয়ানাৰ মেৱাটৰ সৈতেও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। মৌলৱী ইস্তাকক গ্ৰেপ্তাৰ কৰি জম্মু-কাশ্মীৰলৈ লৈ নিয়াৰ লগতে এন আই এ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে জেৰা অব্যাহত ৰাখিছে।
প্ৰাপ্ত তথ্য অনুসৰি, মৌলৱী ইস্তাকে নিজৰ কোঠা ডাঃ মুজাম্মিলক ভাড়াত দিছিল। কিহৰ কাৰণে দিছিল সেয়া পৰৱৰ্তী সময়ত হে পোহৰলৈ আহিব ।
আনফালে ফৰিদাবাদৰ ফতেহপুৰ টাগা গাঁৱৰ কোঠাটোত ২৫০০ কিলোগ্ৰামতকৈ অধিক বিস্ফোৰক উদ্ধাৰ কৰা হৈছিল । এই যি ঘটনা সংঘটিত হ'ল তাৰ আঁৰত পৰৱৰ্তী সময়ত কি তথ্য লাভ কৰিব সেয়া কিন্তু লক্ষ্যণীয় হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us