/asomiyapratidin/media/media_files/2025/11/13/cczzczc-2025-11-13-00-15-43.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ লালকিল্লা মেট্ৰ’ ষ্টেচনৰ সমীপত ১১ নৱেম্বৰৰ সন্ধিয়া ৬ বাজি ৫২ মিনিটত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণৰ পিচতেই পোহৰলৈ আহিছে দেশৰ শীৰ্ষ তদন্তকাৰী সংস্থাসমূহৰ তদন্ত আৰু সফলতাৰ এক প্ৰসংসনীয় পদক্ষেপ। দিল্লী বিস্ফোৰণত তেৰজনকৈ লোকৰ মৃত্যুয়ে দেশবাসীক শোকাহত কৰি ৰাখিছে যদিও,প্ৰায় তিনি হাজাৰ বিস্ফোৰকেৰে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে পৰিকল্পনা কৰা দেশজুৰি এক ভয়ংকৰ বিস্ফোৰণৰ পৰা দেশক ৰক্ষা কৰিবলৈ সক্ষম হ'ল দেশৰ তদন্তকাৰী সংস্থাসমূহ।
অৱশ্যে দিল্লীৰ বিস্ফোৰণ সন্ত্ৰাসবাদীৰ পৰিকল্পনা আছিল নে তদন্তকাৰী সংস্থাৰ তদন্তত দিশহাৰা হৈ সন্ত্ৰাসবাদীয়ে হঠাত এই বিস্ফোৰণ সংঘটিত কৰিছিল,সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ইছলামিক সন্ত্ৰীসবাদী সংগঠন জইছ-ই মহম্মদ মডিউলৰ হৈ কাম কৰি থকা চিকিৎসক-ইমামকে ধৰি এটা বৃহৎ গোটে পৰিকল্পনা কৰিছিল তিনি হাজাৰ কেজি বিস্ফোৰকৰ এক ভয়ংকৰ পৰিকল্পনাৰ। জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ ন’গামৰ পৰা হাৰিয়াণাৰ ফৰিদাবাদলৈ আছিল এই বিস্ফোৰণৰ পৰিকল্পাৰ শিপা। ১৯ অক্টোবৰ, ২০২৫। জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ন’গাম আৰক্ষী চকীৰ এলেকাত উদ্ধাৰ হৈছিল সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ সম্পৰ্কীয় কেতবোৰ আপত্তিজনক পোষ্টাৰ।ঘটনাটোক লৈ দাখিল হৈছিল এখন এফ আই আৰ।
এয়াই আছিল আৰম্ভণি। এই এফ আই আৰৰ তদন্ত কৰিয়েই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন মৌলবীসহ দুজন লোকক।মৌলবী ইৰফান আহমেদক ৱাঘেক ছেপিয়াৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বাকুৰা-গান্দাৰবালৰ পৰা জামিৰ আহমেদ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছিল তদন্তকাৰী সংস্থাই। অব্যাহত আছিল জোকদাৰ তদন্ত। ৫ নৱেম্বৰৰ পৰা ছাহাৰানপুৰৰ পৰা গ্ৰেপ্তাৰ হ'ল আদিল নামৰ এজন চিকিৎসক।আদিলৰ স্বীকাৰোক্তিৰ ভিত্তিতেই অনন্তনাগ হাস্পতালৰ পৰা জব্দ কৰে এটা AK-56 বন্দুক আৰু বুজন পৰিমাণৰ গোলাবাৰুদ।
সেয়া আছিল সাত নৱেম্বৰৰ। চিকিৎসক আদিলে দিয়া তথ্যৰ ভিত্তিতেই ৮ নৱেম্বৰত হাৰিয়াণাৰ অল ফালাহ মেডিকেল কলেজৰ পৰা আৰু কেইবাটাও বন্দুক, পিষ্টল আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰে তদন্তকাৰী সংস্থাই। মৌলবী ইৰফান আহমেদ-জামিৰ আহমেদ আৰু চিকিৎসক আদিলৰ পৰাই তদন্তকাৰী সংস্থাই লাভ কৰে জইছ-ই -মহম্মদ মডিউলৰ হৈ কাম কৰি থকা সমগ্ৰ গেংটোৰ তথ্য।লগে লগে গ্ৰেপ্তাৰ কৰে ফৰিদাবাদৰ অল-ফলাহ মেডিকেল কলেজৰ ড° মুজাম্মিল নামৰ চিকিৎসক জনক।চিকিৎসক মুজাম্মিলৰ গ্ৰেপ্তাৰৰ পিচতেই ফৰিদাবাদৰ দুটা ঘৰৰ পৰা তদন্তকাৰী সংস্থাই জব্দ কৰে বৃহত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী। ইমানতেই অন্ত নহয়।
আগুৱাই গৈ থাকিল তদন্ত। ৯ নৱেম্বৰ। গ্ৰেপ্তাৰ হ'ল ফৰিদাবাদৰ ধৌজৰ বাসিন্দা মদৰাছী নামৰ আন এজন সন্দেহযুক্ত সন্ত্ৰাসবাদী। ১০ নৱেম্বৰত গ্ৰেপ্তাৰ হ'ল ফৰিদাবাদৰ ধেৰাকলনীস্থিত মেৱাটৰ বাসিন্দা আৰু অল-ফলা মছজিদৰ ইমাম হাফিজ মহম্মদ ইষ্টিয়াক। লগতে ইমামজনৰ ঘৰৰ পৰা উদ্ধাৰ হ'ল ২৫৬৩ কিলোগ্ৰাম ওজনৰ বিস্ফোৰক সামগ্ৰী। ওচৰৰে আন এটা ঘৰৰ পৰা উদ্ধাৰ হ'ল ৩৫৮ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী আৰু ডেটোনেটৰ/টাইমাৰ আদি। এনেদৰে উদ্ধাৰ হ'ল মুঠ ৩০০০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী আৰু বোমা নিৰ্মাণৰ সা -সামগ্ৰী। তেতিয়াই তদন্তকাৰী সংস্থাৰ হাতলৈ আহিল অল ফালাহ মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ড° উমৰৰ নাম, যিজনে উমৰে চলাই আনিছিল দিল্লীত বিস্ফোৰণ সংঘটিত কৰা আই টুৱেন্টি বাহনখন ।
উমৰৰ অৱস্থিতিৰ সন্ধান কৰি গ্ৰেপ্তাৰৰ পৰিকল্পনা কৰোতেই হঠাত দিল্লীত সংঘটিত হ'ল ভয়ংকৰ বিস্ফোৰণটো। এতিয়া সন্দেহ কৰা হৈছে তিনি হাজাৰ কেজি বিস্ফোৰক সামগ্ৰীৰে ভয়ংকৰ বিস্ফোৰণৰ পৰিকল্পনা কৰি থকা জইছ-ই-মহম্মদ মডিউলৰ বাকীসকল সদস্য গ্ৰেপ্তাৰ হোৱাৰ খবৰ পাই দিশ হাৰা হৈ পৰিয়েই হঠাত বিস্ফোৰণটো সংঘটিত কৰিলে উমৰে। সেয়ে এতিয়া ক'ব পাৰি দেশৰ সুৰক্ষা সংস্থা আৰু অনুসন্ধানকাৰী বিভাগে ফৰিদাবাদ মডিউলক ধ্বংস কৰি আৰু বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰি এটা বৃহৎ ষড়যন্ত্ৰ বিফল কৰিলে, যাৰ উদ্দেশ্য আছিল ভাৰতত তিনি সহস্ৰাধিক কিলোগ্ৰাম বিস্ফোৰকেৰে এক বৃহৎ ক্ষতি সাধন কৰা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us