দিল্লীৰ বিস্ফোৰণ কাণ্ড : মহাৰাষ্ট্ৰৰ মহিলাক সোধা-পোচা তদন্তকাৰী গোটৰ

শেহতীয়াকৈ দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ লিংক বিচাৰি পাইছে মহাৰাষ্ট্ৰত। ৰাজ্যখনৰ এগৰাকী মহিলাক এই ঘটনাৰে সৈতে জড়িত থকা বুলি সন্দেহ কৰিছে তদন্তকাৰী গোটে। ইতিমধ্যে মহাৰাষ্ট্ৰৰ মহিলাগৰাকীক তদন্তকাৰী গোটে প্ৰাথমিক তদন্ত সম্পূৰ্ণ কৰিছে।

author-image
Asomiya Pratidin
New Update
343

ডিজিটেল ডেস্ক : কিছুদিন পূৰ্বে দিল্লীত সংঘটিত হৈছিল এক বোমা বিস্ফোৰণ কাণ্ড। দেশ জোকাৰি যোৱা এই ঘটনাক লৈ দেশৰ নিৰাপত্তাৰক্ষীয়ে দিল্লীত সম্প্ৰতি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। 

তাৰোপৰি দিল্লীত প্ৰবেশ কৰা বাহনসমূহৰো তালাচী চলাই আছে। একে সময়তে এই ঘটনাৰ তদন্ত ক্ষীপ্ৰ গতিত চলাই আছে তদন্তকাৰী গোটে। ইতিমধ্যে ঘটনাৰে নাম সাঙোৰ খোৱা লোকসলকক সোধা- পোচা অৱ্যাহত ৰাখিছে। 

শেহতীয়াকৈ দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ লিংক বিচাৰি পাইছে মহাৰাষ্ট্ৰত। ৰাজ্যখনৰ এগৰাকী মহিলাক এই ঘটনাৰে সৈতে জড়িত থকা বুলি সন্দেহ কৰিছে তদন্তকাৰী গোটে। ইতিমধ্যে মহাৰাষ্ট্ৰৰ মহিলাগৰাকীক তদন্তকাৰী গোটে প্ৰাথমিক তদন্ত সম্পূৰ্ণ কৰিছে।

এক উচ্চস্তৰীয় সূত্ৰই জনোৱা অনুসৰি মহিলাগৰাকীয়ে আই এ এছ বিষয়াৰ ভুৱা পৰিচয়েৰে মহাৰাষ্ট্ৰৰ সম্ভাজিনগৰৰ এখন বিলাসী হোটেলত বাহৰ পাতি আছিল। তাৰোপৰি তেওঁৰ আছে পাকিস্তান আৰু আফগানিস্তানৰ সেনাৰে আছে এক সুসম্পৰ্ক।

উল্লেখযোগ্য যে, মহিলাগৰাকী মহাৰাষ্ট্ৰৰ বিলাসী হোটেলত বাহৰ পাতি আছিল যদিও দিল্লীত হোৱা বিস্ফোৰণৰ সময়ত তেওঁ ঘটনাস্থলীৰ আশে- পাশে আছিল বুলি জানিব পৰা গৈছে। তাৰোপৰি তদন্তকাৰী গোটে হোটেলৰ কোঠাৰ পৰা ১৯ কোটি টকাৰ এখন চেক আৰু ৬ লাখ টকাৰ আন এখন চেক উদ্ধাৰ কৰিছে। একেদৰে মহিলাগৰাকীৰ হাতত ১০টা আন্তঃৰাষ্ট্ৰীয় ফোন নম্বৰ আছে, ইয়াৰে কিছুমানত আফগানিস্তান আৰু পেছাৱাৰৰ নম্বৰ বুলি জনাই আৰক্ষীয়ে।

দিল্লী