দীপান্বিতাৰ পুৱাই বাট নেদেখা হ’ল দিল্লীৰ

শব্দ আৰু বায়ু প্ৰদূষণে অতিকৈ দূষিত কৰিছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীক। দীপান্বিতাৰ পুৱাই চহৰখনৰ বাট- পথ মনিব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে

author-image
Asomiya Pratidin
New Update
20

ডিজিটেল ডেস্ক : শব্দ আৰু বায়ু প্ৰদূষণে অতিকৈ দূষিত কৰিছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীক। দীপান্বিতাৰ পুৱাই চহৰখনৰ বাট- পথ মনিব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। 

উল্লেখযোগ্য যে, দীপাৱলী উপলক্ষে নিশা দুপৰলৈ দিল্লীবাসীয়ে যধে-মধে ফটকা ফুটোৱা বাবে শব্দ আৰু বায়ু প্ৰদূষণ হোৱা বুলি প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে জানিবলৈ দিয়ে। যাৰ বাবে চহৰখনৰ বাট-পথ চিনিব নোৱাৰা হোৱাৰ উপৰিও প্ৰদূষণৰ মাত্ৰা অত্যধিক হৈছে। 

ব’ৰ্ডে লগতে সদৰী কৰে যে, বায়ু প্ৰদূষণৰ ফলত এ কিউ আইৰ সূচকাংক ৩৩৫ৰ ঘৰ স্পৰ্শ কৰিছে আজিৰ দিনটোত। যিটো স্বাস্থ্যৰ বাবে অতিকৈ ভয়াৱহ।

ইয়াৰ ফলত উশাহ-নিশাহত কষ্ট পোৱাৰ সম্ভাৱনা থাকে। আনহাতে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰি শৃংখলাৱদ্ধভাৱে দীপাৱলীৰ আনন্দ- উপভোগ কৰাৰ বাবে অনুৰোধ জনাইছে দিল্লীবাসীক।

দিল্লী