/asomiyapratidin/media/media_files/2025/12/16/ghd-2025-12-16-14-58-00.jpeg)
ডিডিটেল ডেস্কঃ ভয়াৱহ হাৰত ৰাজধানী দিল্লীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা। বিশেষকৈ শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নাৰ্চাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীৰ পাঠদান অনলাইন মোডলৈ স্থানান্তৰিত কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/741e8c44-f0d2-49c9-8e41-23598e1f4731-2025-12-16-14-50-45.jpg)
উল্লেখ্য যে, শিক্ষা সঞ্চালকালয়ে জাৰি কৰা বিজ্ঞপ্তি অনুসৰি ৰাজধানীত বায়ুৰ গুণাগুণ নিৰন্তৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত শিশুৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি সতৰ্কতামূলক ব্যৱস্থা হিচাপে শিক্ষা সঞ্চালকালয়ে ঘোষণা কৰিছে যে নাৰ্চাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সকলো চৰকাৰী, চৰকাৰী সাহায্য প্ৰাপ্ত আৰু ব্যক্তিগত বিদ্যালয়ত শাৰীৰিক শ্ৰেণী পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ থাকিব। এই বায়ু প্ৰদূষণৰ বাবে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ কোনো বেমাৰ আজাৰ নহয় বাব স্বাস্থ্যৰ অৱনতি নঘটে তাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/1b344e9e-d932-495a-b6df-5af51f2f1084-2025-12-16-14-51-30.jpg)
আনপিনে শিশুৰ সুৰক্ষা চৰকাৰৰ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰী আশীষ ছুদে কয়- শিশুৰ স্বাস্থ্য আৰু কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। সৰু ল'ৰা-ছোৱালীক বায়ু প্ৰদূষণৰ বিৰূপ প্ৰভাৱৰ পৰা ৰক্ষা কৰাৰ বাবে এইটো এটা প্ৰয়োজনীয় আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/7b725317-7a58-4d6f-a086-62e9ec8991fa-2025-12-16-14-51-43.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us