/asomiyapratidin/media/media_files/2025/12/18/492-2025-12-18-18-15-07.jpg)
ডিজিটেল ডেস্ক : আপোনাৰ যদি BS-VI( বি এছ ৬) ছিৰিজৰ বাহন নাই, তেন্তে দিল্লী ভ্ৰমণৰ আশা বাদ দিয়ক। কিয়নো ৰাজধানী চহৰখনৰ প্ৰশাসনে শেহতীয়াকৈ ৰাইজৰ বাবে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা।
বি এছ ৬ ছিৰিজৰ বাহিৰে অন্য বাহন দিল্লীত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। দিল্লীত শেহতীয়াকৈ দ্ৰুত হাৰত বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
কেৱল ইমানেই নহয়, অফিচ- কাছাৰীৰ ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে। একেদৰে, শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰতো কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।
উল্লেখযোগ্য যে, সম্প্ৰতি দিল্লীত ঘূৰা- ফুৰা কৰাৰ উপৰিও আন কাম- কাজ কৰাৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ বাবে ভাবুকি হৈ পৰিছে। কিয়নো জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই দিল্লীত ব্যাপক হাৰত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us